NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰে সমগ্ৰ ৰাজ্যত প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 5, 2019 5:06 pm
plastic bag may be band in Asam

অসম চৰকাৰে সমগ্ৰ ৰাজ্যত প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে। মঙলবাৰে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই ইতিমধ্যে প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি উল্লেখ কৰে। তেওঁ স্বাস্থ্য বিভাগৰ দ্বাৰা সকলো বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত লিখিত ভাবে অৱগত কৰা হৈছে বুলি কয়।

‘‘আমি ইতিমধ্যে ৰাজ্যত সম্পুৰ্ণৰূপে প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো। সকলো বিভাগকে প্ৰযোজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছে। তাৰোপৰি আমি পৰৱৰ্তী বিধানসভাৰ অধিৱেশনত প্লাষ্টিক নিষিদ্ধ কৰা সন্দৰ্ভত এখন বিধেয়ক উত্থাপন কৰিম’’ মন্ত্ৰী হাজৰিকাই খাৰুপেটীয়াত আধাৰশিলা স্থাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য প্ৰকশ কৰে।

আনহাতে, সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পূৰ্বে হাজৰিকাই খাৰুপেটীয়া নগৰ উন্নয়ণ বোৰ্ডৰ অন্তৰ্গত ৫৫ গৰাকী হিতাধিকাৰীৰ মাজত নগৰীয়া জীৱিকা অভিযানৰ অধীনত গাইপতি ২৫০০০ টকাকৈ বিতৰণ কৰে।

অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ লগত মঙলদৈ সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু খাৰুপেটীয়াৰ নগৰ উন্নয়ণ বোৰ্ডৰ অধ্যক্ষ কৃষ্ণ চাহা আৰু অন্যান্য নেতা কৰ্মী উপস্থিত থাকে।