NORTHEAST NOW (Assamese)

দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক নিলম্বন

October 22, 2018 10:08 pm · এন ই নাও নিউজ
Updated: October 22, 2018 10:37 pm

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৬ অক্টোবৰত অসম ভ্ৰমণ কৰাৰ তেওঁৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক চৰাকাৰে নিলম্বিত কৰে। মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশত বিষয়াজনক নিলম্বন কৰা হয়। ইয়াকে ধৰি ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰতি যথোচিত মনোযোগ নিদিয়া আৰু অসন্মান প্ৰদৰ্শনৰ অভিযোগত নিলম্বিত বিষয়াৰ সংখ্যা তিনিজন হ’লগৈ।

অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক তেওঁ ন্যায়াধীশজনৰ প্ৰতি কৰা অসন্মানজনক মন্তব্যৰ বাবে আজি নিলম্বন কৰা হয়। ইয়াৰ বিপৰীতে মুখ্য ন্যায়াধীশজনৰ নিৰাপত্তাৰ দায়িত্বত অৱহেলা কৰাৰ অভিযোগত যোৱা ২০ অক্টোবৰত ৰাজ্য প্ৰশাসনে গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত কাঠকটীয়াক নিলম্বন কৰিছিল।

উল্লেখযোগ্য যে যোৱা ১৬ অক্টোবৰত ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্য্যাদাৰে বৰঝাৰত আদৰণি জনোৱাৰ সময়ত অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই অসৌজন্যসূচক মন্তব্য কৰিছিল, যিটো পিছত ভাইৰেল হোৱা এটা ভিডিঅ’ত ধৰা পৰে।

বহুল প্ৰচাৰিত ভিডিঅ’টোত তেওঁক ৰঞ্জন গগৈ গাড়ীৰ পৰা নমাৰ লগে লগে “সেইটো আহিছে, বন্ধ কৰি থ…। বজা, বজা, বজা…।” এইদৰে মন্তব্য কৰা দেখা যায়। এই বিষয়ে ইতিমধ্যে সবিস্তাৰে নৰ্থ-ইষ্ট নাওত প্ৰচাৰ হৈ গৈছে।

মন কৰিব লগীয়া যে যোৱা ৩ অক্টোবৰত অসম সন্তান ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। গগৈ আছিল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমজন ব্যক্তি যি দেশৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষতম পদত আসীন হৈছে। এইটো নিঃসন্দেহে সমগ্ৰ অসমবাসীৰ বাবেই গৌৰৱৰ বিষয়। কিন্তু দেশৰ মুখ্য ন্যায়াধীশ হিচাপে পদ গ্ৰহণৰ পিছত প্ৰথমবাৰ নিজ ৰাজ্যলৈ আহি উপযুক্ত মনোযোগ, নিৰাপত্তা আৰু সন্মান নাপালে ন্যায়াধীশ গগৈয়ে।

Related News