NORTHEAST NOW (Assamese)

অসমৰ বিমান যাত্ৰীসকলৰ বাবে মন্ত্ৰী হিমন্তৰ নতুন কোভিড নীতি ঘোষণা : কি কি আছে নতুন ঘোষণাত?

November 19, 2020 7:42 am ·
Updated: November 19, 2020 7:52 am

অহা সপ্তাহৰ পৰা অসমৰ লগতে উত্তৰ পূৱৰ বিমান যাত্ৰীসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন কোভিড নীতি বলৱৎ হ’ব বুলি ঘোষণা কৰিছে।

অসমৰ বাহিৰৰ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ অহা বিমান যাত্ৰীসকলৰ বাবে সৰুসজাইস্থিত কোভিড টেষ্টিং কেন্দ্ৰটো বন্ধ কৰা হ’ব।

বুধবাৰে ৰাতি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰী কৰিছে।

বৰ্তমানৰ সৰুসজাই কোভিড টেষ্টিং চেন্টাৰটো বন্ধ কৰি তাৰ পৰিৱৰ্তে অহা সপ্তাহৰ পৰা বিমান যাত্ৰীসকলক বিমানবন্দৰত নিজেই কোভিড টেষ্ট কৰাব লাগিব বুলি কোৱা হৈছে টুইটত।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা মতে অহা সপ্তাহৰ পৰা উত্তৰ পূৱ আৰু অসম ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীসকলে কোভিড টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব।

“অহা সপ্তাহ পৰা— ১. গুৱাহাটীলৈ অহা বিমান যাত্ৰীসকলে সৰুসজাই কোভিড টেষ্ট কেন্দ্ৰৰ পৰিৱৰ্তে বিবানবন্দৰত নিজে কোভিড টেষ্ট কৰাব লাগিব।, ২. উত্তৰ পূৱ আৰু অসমৰ ভিতৰত ভ্ৰমণ কৰা বিমান যাত্ৰীসকলে কোভিড টেষ্ট কৰাৰ প্ৰয়োজন নাথাকিব।” মন্ত্ৰী শৰ্মাই টুইটত এইদৰে কয়।

উল্লেখ্য যে বুধবাৰলৈকে অসমত কোভিড আক্ৰান্তৰ সংখ্যা ২,১০,৮৬৫ গৰাকীলৈ বৃদ্ধি পাইছে।

বুধবাৰৰ দিনটোত ২৩,৪৮৪ টা কোভিড টেষ্টৰ ভিতৰত ১৬৯ গৰাকী লোক কোভিডত নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৩ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে। ইয়াৰ লগে লগে ৰাজ্যত কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৬৯ জনলৈ বৃদ্ধি পালে।

বৰ্তমান ৩,২৮৫ গৰাকী কোভিড১৯ত আক্ৰান্তই ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News