NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ বিৰুদ্ধে অসমৰ যুদ্ধ; চিকিৎসালয়ৰ প্ৰস্তুতিৰ বিষয়ে সংবাদমেলত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 23, 2020 6:05 pm
Corona Virus

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ সামগ্ৰীক প্ৰস্তুতি সম্বন্ধে এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই ২৪ মাৰ্চৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত সমগ্ৰ অসমত লকডাউন ঘোষণা কৰে।

হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈ অসমত ১৬৯ টা কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ ভিতৰত ১৪৮ টা পৰীক্ষাৰ ফলাফল নিগেটিভ আৰু ২১ টা পৰীক্ষাৰ ফলাফল বৰ্তমান আহিবলৈ বাকী আছে বুলি কয়।

বৰ্তমানলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়কে ধৰি অসমৰ চাৰিখন চিকিৎসা মহাবিদ্যালয়ত কৰ’না ভাইৰাছৰ পৰীক্ষা কৰি থকা হৈ আছে বুলি মন্তব্য কৰি শৰ্মাই অহা দুই-তিনিদিনৰ ভিতৰতে বৰপেটা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়তো কৰ’না ভাইৰাছৰ পৰীক্ষা আৰম্ভ হ’ব বুলি কয়।

আনহাতে, গুৱাহাটী মহানগৰীৰ সোণাপুৰৰ চিকিৎসালয়খনক সম্পূৰ্ণৰূপে কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে উন্নীত কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই জনায়।

তদুপৰি, বৰ্তমানৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগকো সম্পূৰ্ণৰূপে কৰ’নাৰ চিকিৎসাৰ বাবে উন্নীত কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই চকুৰ ৰোগী সকলক এই কেইদিন শংকৰদেৱ নেত্ৰালয়লৈ যাবৰ বাবে অনুৰোধ কৰে।

প্ৰয়োজনত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খনকো সম্পূৰ্ণৰূপে কৰ’না চিকিৎসালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদমেলত কয়।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাহিৰৰ পৰা অহা লোকসকলক নিৰীক্ষণত ৰখাৰ বাবে প্ৰয়োজনত ৰাজ্যৰ হোটেল, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ আৱাস-নিৱাস সমূহো ব্যৱহাৰ কৰা হ’ব পাৰে বুলিও ইংগিত দিয়ে।