NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস March 23, 2020 5:49 pm
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অধিক তৎপৰ হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শন কৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল।

মন্ত্ৰীগৰাকীয়ে হাস্পতালখনত শেহতীয়াকৈ প্ৰৱৰ্তন কৰা আইছ’লেশ্বন ৱাৰ্ড আৰু স্ক্ৰিনিং টেষ্ট ব্যৱস্থাৰ বুজ লোৱাৰ লগতে হাস্পতালখনৰ মুখ্য অধীক্ষক, অধীক্ষকসহ চিকিৎসক-চিকিৎসাকৰ্মীৰ সৈতেও মত বিনিময় কৰে।

ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষক বিভিন্ন নীতি-নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ চিকিৎসক-চিকিৎসাকৰ্মীসকলক উৎসৰ্গিত মনোভাৱেৰে কৰ্তব্য পালন কৰি যাবলৈও অনুৰোধ জনায়। লগতে বিপদৰ সময়ত হাস্পতালখনৰ চিকিৎসক-চিকিৎসাকৰ্মীক বৰপেটা এৰি নাযাবলৈও আহ্বান জনায়।

দুই-এদিনতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰক আই চি এম আৰ কেন্দ্ৰই স্বীকৃতি প্ৰদান কৰিব বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে।

বিদেশ অথবা বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ১৪ দিনৰ বাবে ঘৰৰ ভিতৰত আছুতীয়াকৈ থকাত গুৰুত্ব আৰোপ কৰিবলৈ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। অন্যথা কোনো কোনোৱে নিজৰ পিতৃ-মাতৃ অথবা আত্মীয়ক হেৰুৱাবলগীয়া হ’ব পাৰে বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আশংকা ব্যক্ত কৰে।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ সমীৰ সিনহা উপস্থিত থাকে ৷