NORTHEAST NOW (Assamese)

কৰোণাতংক : বাতিল কৰা হ’ল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা

May 10, 2021 4:46 pm · এন ই নাও নিউজ

ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে।

পৰীক্ষা বাতিল কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ পৰীক্ষা অবিহনেই উন্নীত কৰা হ’ব।

৭ মে’ত আছাম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এক জাননিত কোৱা হৈছে যোৱা ৪ মে’ৰ পৰা অনুষ্ঠিত হ’ব লগা পৰীক্ষাটো বাতিল কৰা হৈছে আৰু যিসকলে পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰিছিল, তেওঁলোকক ২০২১-২২ শৈক্ষিক বৰ্ষৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ উন্নীত কৰা হ’ব।

Related News