NORTHEAST NOW (Assamese)

ফেব্ৰুৱাৰিত অসম মেত্ৰিক-হাই মাদ্ৰাছা পৰীক্ষা, প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

September 10, 2019 9:57 pm · এন ই নাও নিউজ
Updated: September 10, 2019 10:19 pm
প্ৰতীকী ফাইল ফটো।

ছেবাই মঙলবাৰে ২০২০ বৰ্ষৰ অসম হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে।

চলিত বছৰৰ ১৪ অক্তোবৰৰ পৰা প্ৰপত্ৰ পূৰণ আৰম্ভ হ’ব। অন্তিম দিন হ’ব ৯ নৱেম্বৰ।

অনলাইনযোগে পৰীক্ষাৰ্থীসকলে এইবাৰ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব।

জানিব পৰা মতে, প্ৰপত্ৰ পূৰণৰ অন্তিম দিন বৃদ্ধি নকৰাৰ বাবে ছেবাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পৰীক্ষা অনুষ্ঠিত হ’ব অহা ফেব্ৰুৱাৰিত, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জেনে সংবাদ মাধ্যমক জনায়।

ফেব্ৰুৱাৰিত পৰীক্ষা হোৱাটো নিশ্চিত যদিও সূচী অৱশ্যে এতিয়াই ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়ক– ছেবাৰ নৱম, দশম মানৰ শিক্ষাৰ্থীলৈ নতুন বছৰত ন বিষয়

Related News