NORTHEAST NOW (Assamese)
অসম

মেট্রিকৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা কৰিলে ছেবাই : কেতিয়াৰ পৰা হ’ব প্ৰেক্টিকেল পৰীক্ষা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2021 8:20 am
SEBA-750x350

২০২১ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা কৰিছে মাধ্যমিক শিক্ষা সংসদ(ছেবা)এ।

ছেবাই ঘোষণা কৰা সূচী অনুসৰি অহা ৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব এই প্ৰেক্টিকেল পৰীক্ষাসূমহ।

ৰাজ্যৰ ৬৫১ টা পৰীক্ষা কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব উক্ত পৰীক্ষাসমূহ।

ছেবাই ঘোষণা কৰা অনুসৰি ব’ৰ্ডৰ অধীনৰ ২৭ টা বিষয়ৰ ভিতৰৰ ১৪ টা বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা উক্ত সূচী অনুসৰি অনুষ্ঠিত হ’ব।

এই প্ৰেক্টিকেল পৰীক্ষা প্ৰায় ৩৫ হাজাৰ পৰীক্ষাৰ্থীয়ে দিব বুলি জনাইছে ছেবা-এ। থিয়’ৰীৰ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহতে উক্ত প্ৰক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব।

ছেবাৰ সূত্ৰই জনোৱা অনুসৰি পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডসমূহ প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আনহাতে পৰীক্ষা বহী আৰু পৰীক্ষাৰ অন্যান্য গোপনীয় তথা যাৱতীয় সামগ্ৰীসমূহ বিধানসভা নিৰ্বাচনৰ পিছতে পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে ছেবাই ইতিপূৰ্বে ২০২১ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল।