NORTHEAST NOW (Assamese)

উৎকণ্ঠাৰ অন্ত! ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

April 10, 2026 10:44 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:25 am

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSEB-ৰ অধীনত চলিত বৰ্ষত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ২০২৬-ৰ ফলাফল আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। দীৰ্ঘদিন ধৰি পৰীক্ষা পৰিচালনা কৰি অহা অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA) পৰিৱৰ্তে নৱগঠিত ‘অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ’-ৰ সম্পূৰ্ণ নতুন নিয়ম আৰু নীতি-নিৰ্দেশনাৰে পৰিচালিত এইবাৰৰ পৰীক্ষাত সামগ্ৰিকভাৱে ৬৫.৬২ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণৰ সফলতা অৰ্জন কৰিছে। পৰীক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰিবিলিভাৱে নিজৰ ফলাফল চাব পাৰে, তাৰ বাবে পৰিষদে ১৬টাকৈ সুকীয়া ৱেবছাইটৰ সুবিধা উপলভ্য কৰিছে।

চলিত বৰ্ষৰ এই গুৰুত্বপূৰ্ণ শিক্ষান্ত পৰীক্ষাত ৰাজ্যজুৰি মুঠ ৪ লাখ ৩৮ হেজাৰ ৫৬৫ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১ লাখ ৯০ হেজাৰ ২৪৩ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা আছিল ২ লাখ ৪৮ হেজাৰ ৩২২ গৰাকী। পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি, এইবাৰৰ ফলাফলত প্ৰথম বিভাগত সৰ্বমুঠ ৮৫,১৮৯ গৰাকী শিক্ষাৰ্থীয়ে সসন্মানে উত্তীৰ্ণ হোৱাৰ বিপৰীতে, দ্বিতীয় বিভাগত ১,৫০,১৬৭ গৰাকী আৰু তৃতীয় বিভাগত ৪৬,৩৪৫ গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। এই পৰিসংখ্যাই ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মাজত এক আশাপ্ৰদ শৈক্ষিক পৰিৱেশৰ ইংগিত বহন কৰিছে।

এইবাৰৰ মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিছে। মেধা তালিকাৰ শীৰ্ষস্থান দখল কৰা পৰীক্ষাৰ্থীসকল হ’ল:

প্ৰথম স্থান: জ্যোতিৰ্ময় দাস

দ্বিতীয় স্থান: আকাংক্ষা ভূঞা

তৃতীয় স্থান: জিয়া ফাৰাহ ইছলাম

চতুৰ্থ স্থান: সুৰজিৎ আখতাৰ

উল্লেখযোগ্য যে, ২০২৬ বৰ্ষৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীত সফলতাৰে সমাপ্ত হৈছিল।

Related News