NORTHEAST NOW (Assamese)

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

May 15, 2025 9:54 am · এন ই নাও নিউজ, গুৱাহাটী

 শেহতীয়া কেবিনেট বৈঠকৰ খবৰ প্ৰচাৰৰ বাবে AI-চালিত ভাৰ্চুৱেল নিউজ এংকৰ অংকিতাক চিনাকি কৰাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক্সত প্ৰকাশিত এটা ভিডিঅ’ত অংকিতাই সাৱলীল অসমীয়া ভাষাত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ভূপেন হাজৰিকাৰ নামেৰে সলনি কৰা আৰু চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এককালীন অনুদান প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰা দেখা গৈছে। জনসংযোগৰ ক্ষেত্ৰত AIৰ ব্যৱহাৰ অসম চৰকাৰৰ প্ৰথম প্ৰয়াস হিচাপে মুখ্যমন্ত্ৰীয়ে এই অভিনৱ পদক্ষেপৰ বাবে উৎসাহ প্ৰকাশ কৰি ইয়াক প্ৰযুক্তিৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ এক নতুন পথ বুলি অভিহিত কৰে।

জীৱন্ত ৰূপ আৰু স্পষ্ট কণ্ঠৰে সজ্জিত অংকিতাই তেওঁৰ পেছাদাৰী উপস্থাপনৰ দ্বাৰা বহুতকে মুগ্ধ কৰিছে। অসমীয়া ভাষাত খবৰ পৰিৱেশনে কেবিনেটৰ আপডেটসমূহ স্থানীয় লোকৰ বাবে সহজলভ্য কৰি তুলিছে। এই ভিডিঅ’ই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা পিছতে  মিশ্ৰ প্ৰতিক্ৰিয়াৰ দেখিবলৈ পোৱগৈছে। একাংশ লোকে AIৰ দক্ষতা আৰু আধুনিক পদ্ধতিৰ প্ৰশংসা  কৰাৰ পৰিৱৰ্তে আন একাংশ নিউজ এংকৰ আৰু সাংবাদিকৰ চাকৰি হেৰুৱাৰ আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এখন স্থানীয় বিদ্যালয়ত আইৰিছ নামৰ এজন AI শিক্ষকৰ পৰিচয় দিছিল, যিয়ে প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতি চাৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। অংকিতাৰ মুকলি এটা সাহসী পদক্ষেপ হ’লেও, ই উদ্ভাৱন আৰু চাকৰিৰ সুযোগৰ মাজত ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি কৰিছে।

Related News