NORTHEAST NOW (Assamese)

বিনিয়োগ কেলেংকাৰি: `বহুতকে নচুৱাই’ অন্তৰ্ধান হোৱা নৃত্য পৰিচালিকা চুমি বৰাক ‘মষ্ট ৱাণ্টেড’ ঘোষণা

September 10, 2024 8:53 am · এন ই নাও নিউজ, গুৱাহাটী
চুমি বৰা আৰু আন তিনিজনক আৰক্ষীৰ “মষ্ট ৱাণ্টেড” ঘোষণা।

ডিব্ৰুগড় আৰক্ষীয়ে অসমত ষ্টক মাৰ্কেট বিনিয়োগ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চুমি বৰা, তেওঁৰ স্বামী তাৰ্কিক বৰা আৰু আন দুজন তেওঁৰ ভাতৃ আৰু বৌৱেয়ক “মষ্ট ৱাণ্টেড”হিচাপে জাননী জাৰি কৰিছে।

২২০০ কোটি টকাৰ অনলাইন ট্ৰেডিং কেলেংকাৰীত তেওঁলোক জড়িত থকাৰ অভিযোগৰ তদন্ত অব্যাহত থকাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে সাংবাদিকৰ আগত কয় যে জাননী প্ৰদান কৰাৰ পিছতো ব্যক্তিকেইজনে কৰ্তৃপক্ষৰ সন্মুখত হাজিৰ হোৱাত ব্যৰ্থ হয়।

লগতে পঢ়কঃ পুৱা উঠিয়েই কৰক এই পাঁচটা কাম, শীঘ্ৰে কমিব অতিৰিক্ত চৰ্বি; চাওক ওজন কমোৱাৰ বিশেষ টিপছ

ৰেড্ডীয়ে কয়, ‘আমি এই গোচৰৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড বিশাল ফুকনৰ ১৮টা বেংক একাউণ্ট জব্দ কৰিছো। প্ৰমাণৰ ভিত্তিত আমি সকলো পৰীক্ষা কৰি আছো।’

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চুমি বৰাই ফুকনৰ পৰা তেওঁৰ বেংক একাউণ্টত ২০ কোটি টকা লাভ কৰিছিল। বিতৰ্কিত অসমীয়া অভিনেত্ৰী তথা ক’ৰিঅ’গ্ৰাফাৰগৰাকীয়ে অনলাইন ট্ৰেডিঙৰ জৰিয়তে লাভজনক ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতিৰে ফুকনৰ কোম্পানীলৈ বিনিয়োগকাৰীক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ “চিঞৰি কথা নক’ব, মনে মনে থাকক..” বিজেপি নেতা কৌস্তুভ বাগচিক ধমক মুখ্য ন্যায়াধীশৰ

এতিয়া আনুষ্ঠানিকভাৱে “মষ্ট ৱাণ্টেড” পলাতক হিচাপে ঘোষণা কৰা এই চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। 

Related News