NORTHEAST NOW (Assamese)
অসম

২৮ টা ছয় আৰু এটা চাৰিৰে ৰিয়ান পৰাগৰ বিস্ফোৰক ১৭৮ ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2019 7:38 pm
Riyan-Parag

সদ্যসমাপ্ত আই পি এলত ৰাজস্থান ৰোয়েলছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰা অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে এইবাৰ বিস্ফোৰক বেটিং প্ৰদৰ্শনৰে উজলি উঠিল লতাশিল খেলপথাৰত চলি থকা সদৌ অসম আন্তঃবিদ্যালয় টুৰ্ণামেণ্টত।

গুৱহাটী মহানগৰৰ ছাউথ পইণ্ট স্কুলৰ হৈ খেলা প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ানে কেন্দ্ৰীয় বিদ্যালয়ৰ বিৰুদ্ধে মাত্ৰ ৪৩ বলত ২৮ টা ছিক্সাৰ আৰু এটা চাৰিৰে ১৭৮ ৰাণ সংগ্ৰহ কৰে। দমনীয় প্ৰদৰ্শন দাঙি ধৰা ৰিয়ান বিপক্ষৰ দলৰ বলাৰ সকলৰ বাবে মুৰৰ কামোৰণি হৈ পৰে।

ৰিয়ানৰ বিস্ফোৰক বেটিঙৰ ফলত ছাউথ পইণ্ট স্কুলে নিৰ্ধাৰিত ২০ অভাৰত ৩৭০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কেন্দ্ৰীয় বিদ্যালয়ে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৩৯ ৰাণ সংগ্ৰহ কৰি ৩৩১ ৰাণৰ বিশাল ব্যৱধানত পৰাজিত হয়।

উল্লেখযোগ্য যে, চলিত আই পি এলত ৰাজস্থান ৰোয়েলছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছিল অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগে।

চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলি আই পি এল কেৰিয়াৰৰ পাতনি মেলা ৰিয়ানে  আই পি এলৰ সাতখন খেলত অংশগ্ৰহণ কৰি ৫ টা ইনিংছত ৩২ গড়ে মুঠ ১৬০ ৰাণ কৰিবলৈ সক্ষম হয়। ৰিয়ানৰ সৰ্বোচ্চ স্কোৰ হ’ল ৫০।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতৰাণ কৰি তেওঁ আই পি এলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতৰাণ কৰাৰ ইতিহাস গঢ়িছিল।