NORTHEAST NOW (Assamese)
অসম

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা, ২০২১

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 19, 2021 7:32 pm

প্ৰতি বছৰৰ দৰে এইবাৰো দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস ২০২১।

কামৰূপ মহানগৰ জিলা পুঁথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা ২০২১ প্ৰদান কৰা হ’ব।

নৰ্থ ইষ্ট নাওৰ জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি শইকীয়াও এই বঁটাৰ বাবে মনোনীত হৈছে।

ৰাজ্যিক ভিত্তিত বঁটা প্ৰাপক সকল ক্ৰমে, সুশান্ত বিশ্ব শৰ্মা,আৰক্ষী অধীক্ষক, দৰং জিলা, ৰবীন ব’ৰ, বিশিষ্ট চিত্রশিল্পী, লীনা দলে SP, বিশ্বনাথ জিলা, দ্বীপান্বিতা জয়চোৱাল Managing Director, DY365, মৈত্রেয়ী ডেকা DSP, দুর্নীতি নিবাৰক শাখা,
মৃন্ময় দাস SDPO, কলিয়াবৰ, পিনাকী মিত্র, অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া, ললিত গগৈ ,জ্যেষ্ঠ সাংবাদিক, অসমীয়া প্রতিদিন, কিৰণ কুমাৰ গগৈ ,মুখ্য সম্পাদক, E NEWS NE, ড° প্রসন্ন মল্ল বুজৰবৰুৱা বিশিষ্ট চিকিৎসক, কুঞ্জ মোহন ৰায় জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী, সব্যসাচী কাশ্যপ, মহকুমাধিপতি, নাজিৰা, পংকজ কুমাৰ দত্ত জ্যেষ্ঠ সাংবাদিক, ভাস্কৰজ্যোতি শৰ্মা জ্যেষ্ঠ সাংবাদিক, মবলিক ব্রহ্ম,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, খটখটি থানা, ভাস্কৰজ্যোতি বৰুৱা প্রকল্প সঞ্চালক, ওদালগুৰি, সন্তোষ ফুকন, বন বিষয়া, বেণী মাধৱ বৰুৱা, জিলা কৃষি বিষয়া, যোৰহাট, কুমুদ বৰা, বিশিষ্ট সাংবাদিক, উৎপল বৰা, জ্যেষ্ঠ সাংবাদিক, ভৈৰৱ মুণ্ডা ,জ্যেষ্ঠ সাংবাদিক, হিমাংশু চহৰীয়া, জ্যেষ্ঠ সাংবাদিক, অনিমেষ নাথ, জ্যেষ্ঠ সাংবাদিক, ৰাতুল ৰঞ্জন চৌধুৰী, জ্যেষ্ঠ সাংবাদিক, ভূৱন চেতিয়া, জ্যেষ্ঠ সাংবাদিক, কুশল শইকীয়া, জ্যেষ্ঠ সাংবাদিক, ৰাজীৱ শৰ্মা জ্যেষ্ঠ সাংবাদিক, ধুবুৰী, জয়ন্ত ভূঞা, জ্যেষ্ঠ সাংবাদিক,আশীষ মালাকাৰ,সাংবাদিক, ধৰ্মেন্দ্ৰ ফুকন সভাপতি, অইল ডিলিং এণ্ড প্রডাক্‌চন, বিপুল মজুমদাৰ ভিডিঅ’ জার্নেলিষ্ট, দিপেন ভৰালী, সাংবাদিক, দিব্য ৰঞ্জন বৰা, ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত, বৰ চিং বে আৰক্ষী জোৱান, মঃ বাবুজান হাজৰিকা,সমাজসেৱক ৰঘু মাহাতু।

এই সন্দৰ্ভত দুর্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে সংগঠনটোৱে ২০১৭ বৰ্ষৰ পৰা ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় দুর্নীতি বিৰোধী দিৱস উদযাপন কৰাৰ লগতে প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন দুর্নীতিৰ বিৰুদ্ধে সজাগ সচেতন, চৰকাৰী-বেচৰকাৰী ব্যক্তিক আন্তঃৰাষ্ট্ৰীয় দুর্নীতি বিৰোধী বঁটাৰে সন্মানিত কৰি আহিছে।