NORTHEAST NOW (Assamese)

শিল্পী দিৱসত ৰূপকোঁৱৰলৈ অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি

January 17, 2022 8:58 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি শিল্পী দিৱসৰ দিনটোত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

এক অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

সম্পাদক প্ৰিন্স ফাইজুল হকে আঁত ধৰা কাৰ্য্যসূচী মুকলি কৰি সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাষণ প্ৰসংগত অসমৰ জাতীয় জীৱনলৈ শিল্পী গৰাকীয়ে আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।

ৰূপকোঁৱৰে দেখুৱাই যোৱা জোনাকী বাটেৰে জাতীয় পৰিষদ সদায় আগবাঢ়ি যাব বুলি শ্ৰী ভূঞাই দৃঢ়তাৰে ঘোষণা কৰে।

কাৰ্যসূচীত দলৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, অমৃত খাটনিয়াৰ, যুটীয়া সম্পাদক গিৰীন তালুকদাৰ, অমিতাভ বৰঠাকুৰ, প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, কামৰূপ মহানগৰ জিলাৰ সম্পাদক প্ৰণৱ ডেকা প্ৰমুখ্যে দলৰ কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

Related News