NORTHEAST NOW (Assamese)

কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণপদক আঁজুৰিলে অসমৰ পঞ্চীমিতাই

November 30, 2018 10:17 pm · অনিৰ্বাণ পাঠক
দক্ষিণ আফ্ৰিকাত চলি থকা কমনৱেল্থ কাৰাটেত স্বৰ্ণ জিকা পঞ্চীমিতা বৰদলৈ। ফাইল ফটো।

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰ খনত সাফল্যৰ ধাৰাবাহিকতা অব্যহত আছে। এজনৰ পাছত আনজন খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি থকাৰ সময়তে ৰাজ্যখনলৈ আহিছে আন এক সুখবৰ।

বহুকেইজন অসম সন্তানে দৌৰ, বক্সিং, শ্বুটিং আদিত বিশ্বজয়ৰ খিতাপ অনাৰ পিছত এইবাৰ যোৰহাটৰ এগৰাকী কণমানিয়ে কাৰাটেৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যলৈ সুনাম আনিছে।

কালিৰ পৰা দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত নৱম কমনৱেল্থ কাৰাটে চেম্পিয়নশ্বিপৰ ৩০ কেজি শাখাত শিশু মহিলাৰ কুমিটে ইভেন্টত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ মৰিয়নিৰ পঞ্চীমিতা বৰদলৈয়ে। তেওঁৰ দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বীগৰাকীক হৰুৱাই এই খিতাপ লাভ কৰে।

মৰিয়নিৰ নগাঢোল বাগানৰ সৌৰভ বৰদলৈ আৰু অভিজিতা বৰদলৈৰ কন্যা পঞ্চীমিতা মৰিয়নিৰ ছেইন্ট এন্থনিছ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

২০১৩ চনৰ পৰা কাৰাটে শিকি থকা কণমানি পঞ্চীমিতাই মৰিয়নিৰ ত্ৰিদীপ গগৈৰ তত্ত্বাৱধানত কাৰাটেৰ প্ৰশিক্ষণ লৈ আছে।

২০১৭ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত নেশ্যনেল কাৰাটে ফেডাৰেইশ্যনৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ পাছত পঞ্চীমিতাই দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত এই কমনৱেলথ চেম্পিয়নশ্বিপত খেলাৰ সুযোগ লাভ কৰিছিল।

Related News