NORTHEAST NOW (Assamese)

অসমত ই-২০ ইন্ধন নীতিৰ বিৰুদ্ধে ৪ আগষ্টত “দিছপুৰ চলোঁ” অভিযানৰ আহ্বান অসম মজুৰি শ্ৰমিক সংঘৰ

August 3, 2026 6:06 pm · এন ই নাও নিউজ, গুৱাহাটী

ই-২০ ইন্ধন নীতি প্ৰত্যাহাৰৰ দাবীত ৪ আগষ্টত “দিছপুৰ চলোঁ” অভিযানৰ আহ্বান জনাইছে অসম মজুৰি শ্ৰমিক সংঘই। সংগঠনটোৱে দাবী কৰিছে যে এই নীতি জনস্বাৰ্থবিৰোধী আৰু ইয়াৰ ফলত কেব চালক, টেক্সি চালক, ডেলিভাৰী কৰ্মী, গিগ শ্ৰমিক তথা বাণিজ্যিক বাহনচালকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।

সংগঠনটোৰ অভিযোগ অনুসৰি, ই-২০ ইন্ধন নীতি কোনো বিস্তৃত ৰাজহুৱা বিতৰ্ক, বৈজ্ঞানিক মূল্যায়ন বা শ্ৰমিকসকলৰ মতামত নোলোৱাকৈ কাৰ্যকৰী কৰা হৈছে। তেওঁলোকৰ মতে, এই নীতিৰ ফলত বহু বাহনৰ মাইলেজ হ্ৰাস পাব, ২০২৪ চনৰ পূৰ্বে নিৰ্মিত ই-২০-উপযোগী নোহোৱা বাহনসমূহৰ মেৰামতিৰ ব্যয় বৃদ্ধি পাব, ইঞ্জিনৰ আয়ুস কমিব আৰু ইয়াৰ প্ৰভাৱত চালকসকলৰ উপাৰ্জন হ্ৰাস পোৱাৰ লগতে ঋণৰ বোজাও বৃদ্ধি পাব।

সংগঠনটোৱে কয় যে ইতিমধ্যে ইন্ধনৰ মূল্যবৃদ্ধি, প্লেটফৰ্মভিত্তিক কোম্পানীৰ শোষণ আৰু কমি অহা আয়ৰ দৰে সমস্যাৰ সন্মুখীন হৈ থকা শ্ৰমিকসকলৰ ওপৰত ই-২০ নীতিৰ অতিৰিক্ত বোজা জাপি দিয়া হৈছে।

অসম মজুৰি শ্ৰমিক ইউনিয়নৰ মতে, দেশৰ বিভিন্ন প্ৰান্তত এই নীতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ অংশ হিচাপে দিল্লীত “সংসদ চলোঁ” অভিযানৰ আহ্বান জনোৱা হৈছে। সেয়ে, অসমৰ কেব চালকসকলেও ৪ আগষ্টত “দিছপুৰ চলোঁ” অভিযানৰ জৰিয়তে ই-২০ ইন্ধন নীতি প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিব।

সংগঠনটোৱে শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱ আৰু মেহনতি জনতাক এই আন্দোলনত অংশগ্ৰহণ কৰি কেব চালকসকলৰ দাবীৰ প্ৰতি সংহতি প্ৰকাশ কৰাৰ আহ্বান জনাইছে। লগতে, ই-২০ ইন্ধন নীতিৰ বিৰোধিতা কৰাৰ লগতে শ্ৰমজীৱী লোকৰ আয়, জীৱন-জীৱিকা আৰু অধিকাৰৰ সৈতে জড়িত বিভিন্ন দাবীত বৃহত্তৰ শ্ৰমিক ঐক্য গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

এক বিবৃতিযোগে অসম মজুৰি শ্ৰমিক ইউনিয়নৰ হৈ যোগেশ ভট্টাচাৰ্য্য আৰু অসিত বৰণ চক্ৰৱৰ্তীয়ে এই আহ্বান জনাইছে।

Related News