NORTHEAST NOW (Assamese)
অসম

নৱেম্বৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2019 11:58 am
Assam-Legislative-Assembly-680x365

অসম বিধানসভাৰ শীতকালীন অধিবেশন আগন্তুক ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।

ৰাজ্যপাল জগদীশ মুখীয়ে শুকুৰবাৰে বিধানসভাৰ শীতকালীন অধিবেশন সম্পৰ্কে এখন অধিসূচনা জাৰি কৰে।

অসম বিধানসভাৰ শীতকালীন অধিবেশনত বিৰোধীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, ডিটেনশ্যন কেম্প, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি বিষয়েৰে চৰকাৰক ঘেৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, বিধানসভাৰ শীতকালীন অধিবেশনৰ পূৰ্বে বিগত বিধানসভাৰ উপনিৰ্বাচনত জয়লাভ কৰা চাৰিগৰাকী বিধায়কে শপক গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

অসম বিধানসভাৰ চাৰিখন আসনৰ বাবে অনুষ্ঠিত হোৱা উপনিৰ্বাচনৰ ফলাফল অনুসৰি তিনিখন আসন বিজেপিয়ে দখল কৰাৰ বিপৰীতে এখন আসনত এআইয়ুডিএফৰ প্ৰাৰ্থী জয়ী হয়।

ৰাতাবাৰী, সোণাৰি আৰু ৰঙাপাৰা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ক্ৰমে বিজয় মালাকাৰ, নৱনীতা সন্দিকৈ আৰু ৰাজেন বৰঠাকুৰ বিজয়ী হোৱাৰ বিপৰীতে জনিয়াত এইআইয়ুডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰে।