NORTHEAST NOW (Assamese)
অসম

মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱা বস্তু ল’বলৈ অস্বীকাৰ গ্ৰাহকৰ; গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2019 11:22 am
img_201806112128425bfe8f5e277c9

জমেট’ কাণ্ডৰ পাছত এইবাৰ বাতৰিৰ মাজলৈ আহিছে আন এটা ফুড ডেলিভাৰী কোম্পানী ছুইগী (swiggy)। ছুইগীৰ মুছলমান ডেলিভাৰী বয়ৰ পৰা অৰ্ডাৰ কৰা খাদ্য সামগ্ৰী ল’বলৈ অস্বীকাৰ কৰা এগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

হায়দৰাবাদৰ আৰক্ষীয়ে মুছলমান ডেলিভাৰী বয়ৰ পৰা খোৱাবস্তু ল’বলৈ অস্বীকাৰ কৰা লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

বাতৰি অনুসৰি, হায়দৰাবাদৰ আলীবাদ অঞ্চলত অজয় কুমাৰ নামৰ এগৰাকী লোকে মুদচ্ছিৰ নামৰ মুছলমান ডেলিভাৰী বয় জনৰ পৰা অৰ্ডাৰ কৰা খোৱা বস্তু ল’বলৈ অস্বীকাৰ কৰিছিল।

ইয়াৰ পাছতে মুদচ্ছিৰে তেওঁৰ পৰা খোৱাবস্তু ল’বলৈ অস্বীকাৰ কৰা লোকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ছুইগীৰ ডেলিভাৰী বয় মুদচ্ছিৰ ছুলেমানৰ অভিযোগৰ ভিত্তিত গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

অভিযোগকাৰীয়ে কৰা অভিযোগ মতে গ্ৰাহকজনে অৰ্ডাৰ কৰা খোৱা বস্তু এইকাৰণেই ল’বলৈ অস্বীকাৰ কৰে যে তেওঁ এজন মুছলমান লোক।

আনহাতে, উক্ত ডেলিভাৰী বয় জনে বিষয়টো মুছলমান সংগঠন মজলিছ বচাও তহৰিকৰ অধ্যক্ষ আমজাদ উল্লা খানৰ ওচৰতো উত্থাপন কৰে।

অধ্যক্ষ আমজাদ খানে টুইটাৰত বিষয়টো শ্বেয়াৰ কৰি কয় যে এজন ব্যক্তিয়ে চিকেন-৬৫’ৰ অৰ্ডাৰ কৰিছিল আৰু হিন্দু ডেলিভাৰী বয় প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু ছুইগীয়ে খোৱা বস্তুৰ টোপোলাটো মুছলমান যুৱকৰ হাতত প্ৰেৰণ কৰে। পাছত লোকজনে টোপোলাটো ল’বলৈ অস্বীকাৰ কৰে।

ঘটনাটো সন্দৰ্ভত ছুইগীয়ে তেওঁলোকৰ বক্তৱ্যত কয় যে তেওঁলোকে সকলো ধৰণৰ বিচাৰধাৰাকে সন্মান কৰে। প্ৰতিটো অৰ্ডাৰ ঠাইখনৰ হিচাপত ডেলিভাৰী এক্সিকিউটিভে লাভ কৰে।

তেওঁলোকে কয় যে অৰ্ডাৰসমূহ কোনো ব্যক্তিৰ অগ্ৰাধিকাৰৰ ভিত্তিত দিয়া নহয়। আমি এটা সংস্থা হিচাপে নিজৰ ডেলিভাৰী বয় আৰু গ্ৰাহকৰ মাজত কোনো ভিত্তিত ভেদাভেদ নাৰাখো।