NORTHEAST NOW (Assamese)

অসমত আই পি এলৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা; ৰাজস্থান ৰয়েলছৰ প্ৰতিনিধিৰ বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন

August 23, 2019 4:29 pm · এন ই নাও নিউজ
ৰাজস্থান ৰয়েলছ উৎস-ইণ্টাৰনেট

সকলো ঠিকে থাকিলে হয়তো ৰাজ্যৰ ক্ৰিকেট প্ৰেমীসকলে গুৱাহাটীত উপভোগ কৰিব পাৰিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল।

সেই উদ্দেশ্য আই পি এলৰ অন্যতম গুৰুত্বপূৰ্ণ দল ৰাজস্থান ৰয়েলছৰ কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে, ৰাজস্থান ৰোয়েলছে তেওঁলোকৰ অন্য ‘হোম ভেন্যু’ হিচাপে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ কথাও গুণাগঁঠা কৰি আছে।

শুকুৰবাৰে ৰাজস্থান ৰোয়েলছৰ প্ৰতিনিধিসকলে তৃতীয়বাৰৰ বাবে ক্ৰিকেট ষ্টেডিয়ামখন পৰিদৰ্শন কৰে।

ষ্টেডিয়ামখন পৰিদৰ্শনৰ সময়ত প্ৰতিনিধি দলটোৱে ইয়াৰ উইকেট, পেভিলিয়ন আৰু বিভিন্ন আন্তঃগাঠনি পৰ্যবেক্ষণ কৰে।

আনহাতে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শনৰ বিষয়ে মত প্ৰকাশ কৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি দেৱজিৎ শইকীয়াই তেওঁলোকে অহা বছৰ আই পি এলৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰি আছে বুলি কয়।

ৰাজস্থান ৰোয়েলছৰ হৈ অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগে চলিত চিজনত অংশগ্ৰহণ কৰি উল্লেখজনক প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

গুৱাহাটীত আই পি এলৰ খেল অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ এতিয়াৰে পৰা আশাবাদী হৈ পৰিছে অসমৰ ক্ৰীড়া প্ৰেমীসকল।

Related News