NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ বগীদৌলত আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 23, 2019 3:54 pm
Sivsagar cannabies story

শুকুৰবাৰে ৰাতিপুৱা জয়সাগৰ আৰক্ষী আৰু চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলায় শিৱসাগৰৰ বগীদৌল পাঁচআলিত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বগীদৌল পাঁচ আলিৰ মানস খনিকৰ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই গাঞ্জাখিনিৰ ওজন প্ৰায় ৯ কেজি হ’ব। উদ্ধাৰ হোৱা গাঞ্জাসহ আৰক্ষীয়ে মানস খনিকৰক আটক কৰি অধিক সোধপোচৰ বাবে আৰক্ষী থানলৈ লৈ যায়।

উল্লেখ্যোগ্য যে, এক গোপন সুত্ৰৰ পৰা আৰক্ষী আৰু চি আৰ পি এফৰ দলে বগীদ’ল অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা গাঞ্জা ব্যৱসায়ৰ খবৰ লাভ কৰিছিল আৰু অঞ্চলটোত তীক্ষ্ণ নজৰ ৰাখিছিল।

সেই সুত্ৰে শুকুৰবাৰে ৰাতিপুৱা অভিযান চলাই গাঞ্জসহ মানস খনিকৰ নামৰ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু চিআৰপিএফ বাহিনী।