NORTHEAST NOW (Assamese)

পশুধন নিগমৰ ‘পথাৰো আমাৰ বজাৰো আমাৰ’: কভিডৰ সময়ত কিমান যুৱক-যুৱতী হ’ল স্বাৱলম্বী?

June 4, 2021 7:07 am · এন ই নাও নিউজ
গুৱাহাটীত বৃহস্পতিবাৰে পশুধন নিগমৰ অধ্যক্ষৰ সংবাদমেল।

ক’ভিড ১৯ৰ দ্বিতীয়টো ঢৌৰ সময়ত চৌদিশে বহু লোক সংস্থাপনহীন হোৱাৰ সময়তে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ পৰিকল্পনা আৰু প্ৰচেষ্টাত এক ইতিবাচক দিশৰ উন্মোচন হোৱাৰ দাবী কৰা হৈছে।

ইতিমধ্যে ক’ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছতে অধ্যক্ষ মনোজ শইকীয়াৰ তৎপৰতাত নিগমে ৰাজ্য চৰকাৰৰ ক’ভিড বিধি অনুসৰি ঘৰে ঘৰে মাংস উপলব্ধ কৰাৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত মাংসজাত আৰু দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি কৰি প্ৰায় তিনিশতাধিক যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰিবলৈ সক্ষম হোৱাৰ দাবী কৰিছে।

এই কাৰ্য্যৰ লগত জড়িত হৈ আছে অভিনেতা-অভিনেত্ৰী, কন্ঠ শিল্পী, খেলুৱৈ, সাহিত্যসেৱী,অন্যান্য যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰী।

নিগমৰ খানাপাৰাস্থিত আধুনিক কছাইখানাৰ পৰা স্বাস্থ্যসন্মত ছাগলী, কুকুৰা আৰু হাঁহৰ মাংসৰ যোগান নিয়মিতভাৱে কৰি থকা হৈছে বুলি বৃহস্পতিবাৰে এক সংবাদমেলত প্ৰকাশ কৰে অধ্যক্ষ মনোজ শইকীয়াই।

শইকীয়াই লগতে কয় যে, মুখ্যমন্ত্ৰী আৰু পশুপালন মন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাস্থ্যৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি নিগমক বিশেষ ভূমিকা গ্ৰহণৰ বাবে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে নিগমে কিছু কাৰ্য্যসূচী প্ৰস্তুত কৰিছে।

বিগত ৭ মে’ৰ পৰা ৩১ মে লৈ নিগমৰ তৰফৰ পৰা মুঠ আঠ হেজাৰ পাঁচশ কেজি ছাগলী মাংস, আঠ হেজাৰ সাতশ পঞ্চাশ কেজি কুকুৰা মাংস আৰু চাৰিশ ত্ৰিশ কেজি হাঁহৰ মাংস বিক্ৰী হৈছে। মুঠ প্ৰায় ওঠৰ হেজাৰ কেজি মাংস বিক্ৰী হয়। মুঠতে ৭৮ লাখ টকাৰ মাংসজাতীয় সামগ্ৰী নিগমে বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

এই কাৰ্য্যৰ লগত জড়িত প্ৰতিজনেই থলুৱা যুৱক-যুৱতী। কোনাবাই যদি ছাগলী-কুকুৰা নিগমলৈ আমদানি কৰিছে আৰু আন বহু সংখ্যকে মাংস বিক্ৰীৰ লগত জড়িত হৈছে বুলি অধ্যক্ষ মনোজ শইকীয়াই উল্লেখ কৰে।

নিগমে যি লক্ষ্য লৈ পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্য্যসূচী যোৱা বৰ্ষত আৰম্ভ কৰিছিল ইয়াৰ সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হোৱাটো নিত্যান্তই আশাব্যঞ্জক বুলি অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে।

পশুপালন ক্ষেত্ৰখনে অধিক হাৰত সংস্থাপনৰ বাট মুকলি কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ থল আছে বুলি মন্তব্য কৰি ইয়াৰ বাবে চৰকাৰে কেইবাটাও বাস্তৱসন্মত পদক্ষেপ হাতত লোৱা বুলি জনায়।

নিগমে ইতিমধ্যে যোৱা সময়ছোৱাত ৰাজ্যত ওঠৰ হেজাৰ যুৱক-যুৱতীক বিভিন্ন স্থানত প্ৰশিক্ষণ দিছে আৰু প্ৰশিক্ষণপ্ৰাপ্ত চাৰি হেজাৰৰো অধিক যুৱক-যুৱতী পশুপালন বৃত্তিৰ জৰিয়তে সংস্থাপিত হবলৈ সক্ষম হৈছে।

নিগমৰ বিভিন্ন জিলাত নিৰ্মাণ হৈ উঠা আধুনিক কছাইখানাসমূহ কাৰ্য্যক্ষম হ’লে বহু যুৱক-যুৱতী স্বাৱলম্বী হ’বলৈ সক্ষম হ’ব বুলিও অধ্যক্ষ গৰাকীয়ে মতপোষণ কৰে।

শেহতীয়াভাৱে সমগ্ৰ দেশতে পশু খাদ্যৰ নাটনি আৰু মূল্যবৃদ্ধিৰ ফলতেই কণীকে ধৰি এনে সামগ্ৰীৰ মূল্য পূৰ্বতকৈ বৃদ্ধি পোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

Related News