প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)-ৰ অধীনত ভূমি আৰু মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক পুনৰ গ্ৰেপ্তাৰ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। এক বিবৃতিত সংগঠনটোৱে অভিযোগ কৰে যে, এই পদক্ষেপ চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰিচায়ক আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি অবমাননাৰ স্পষ্ট নিদৰ্শন।
বিবৃতি অনুসৰি, জিলা সত্ৰ ন্যায়াধীশে প্ৰণৱ দলে, ৰাজীৱ পেগু, ভাস্কৰ শইকীয়া আৰু বিজিত কুটুমক জামিন প্ৰদান কৰাৰ কিছু সময়ৰ পিছতেই প্ৰণৱ দলেৰ বিৰুদ্ধে নতুন অভিযোগ আনি NSA-ৰ দৰে কঠোৰ আইনৰ অধীনত পুনৰ আটক কৰা হৈছে। সংগঠনটোৰ মতে, এই ঘটনাই ন্যায়িক প্ৰক্ৰিয়াক উপেক্ষা কৰাৰ দৃষ্টান্ত দাঙি ধৰিছে।
সংগঠনটোৱে লগতে অভিযোগ কৰে যে, অসমৰ আদিবাসী আৰু থলুৱা লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি আৰু কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাত অধিক তৎপৰ হৈছে। এনে পৰিস্থিতিত থলুৱা জনসাধাৰণৰ বসতিভূমি আৰু জীৱিকা ৰক্ষাৰ বাবে মাত মতাসকলক কঠোৰ আইন প্ৰয়োগ কৰি লক্ষ্যবস্তু কৰা গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী বুলিও বিবৃতিত উল্লেখ কৰা হৈছে।
সংগঠনটোৰ মতে, চৰকাৰৰ নীতিৰ বিৰোধিতা কৰাটো কোনোপধ্যে দেশবিৰোধী কাৰ্য হ’ব নোৱাৰে। জনসাধাৰণৰ মৌলিক অধিকাৰ আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ কঠোৰ আইন প্ৰয়োগ কৰি দমন কৰিব নোৱাৰি বুলিও তেওঁলোকে মন্তব্য কৰে।
বিবৃতিৰ শেষত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে প্ৰণৱ দলেৰ বিৰুদ্ধে প্ৰয়োগ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA) প্ৰত্যাহাৰ কৰাৰ লগতে তেওঁক বিনাচৰ্তে আৰু শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায়।