NORTHEAST NOW (Assamese)

বৃদ্ধি হোৱা নাই দূৰণিবটীয়া বাছৰ ভাৰা; চৰকাৰী নিৰ্দেশনাৰ পিছতহে লোৱা হ’ব সিদ্ধান্ত

October 11, 2018 10:14 am · এন ই নাও নিউজ
প্ৰতীকী ছবি।

চিটি বাছৰ ভাৰা বৃদ্ধিৰ পিছতেই ৰাজ্যৰ দূৰণিবটীয়া বাছৰো ভাৰা বৃদ্ধি পোৱা বুলি একাংশ চক্ৰই প্ৰচাৰ চলাই আহিছে যদিও এই পৰ্যন্ত এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

এই কথা জানিবলৈ দিছে এজেণ্টছ এণ্ড লাকজাৰী বাছ অ’নাৰ্ছ এছ’চিয়েচনে।

১০ ছেপ্তেম্বৰত এক বিজ্ঞপ্তি যোগে এজেণ্টছ এণ্ড লাকজাৰী বাছ অ’নাৰ্ছ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক এ বৰাই এই কথা স্পষ্ট কৰি কয় যে ইয়াক লৈ সৰ্বসাধাৰণ ৰাইজ শংকিত হোৱাৰ কাৰণ নাই।

ৰাজ্য চৰকাৰে নিৰ্দেশ নিদিয়া পৰ্যন্ত দূৰণিবটীয়া বাছৰ ভাৰা বৃদ্ধি নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে যিহেতু এতিয়ালৈ ৰাজ্য চৰকাৰে দূৰণিবটীয়া বাছৰ ভাৰা কিমান বৃদ্ধি হ’ব তাক লৈ কোনো ধৰণৰ বিভাগীয় নিৰ্দেশনা প্ৰদান কৰা নাই, সেয়ে নিজাববীয়াকৈ ভাৰা বৃদ্ধি কৰাৰ পৰা সন্থা বিৰত আছে।

অৱশ্যে পৰিবহণ বিভাগে ভাৰা বৃদ্ধি সম্পৰ্কত যদি জাননী জাৰি কৰে তেতিয়াহে নতুন নিৰিখ কাৰ্যকৰী হ’ব বুলি তেওঁ লগতে সদৰী কৰে।

Related News