NORTHEAST NOW (Assamese)
অসম

হাতত লেম্প, চিলিণ্ডাৰ লৈ ৰাজপথত মূল্য বৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া October 3, 2018 10:14 pm

‘মোদীয়ে আদানী আম্বানিক সন্তুষ্ট কৰাত লাগিছে, দুখীয়া গৃহিনীসকলৰ দুখৰ প্ৰতি কোনো কাণষাৰ দিয়া নাই।‘ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

উল্লেখযোগ্য যে বুধবাৰে অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ এবিছিস্থিত ৰাজীৱ ভৱনৰ সন্মুখৰ ৰাজপথৰ কাষত পেট্ৰ’ল, ডিজেল ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্য্যসূচীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অংশগ্ৰহণ কৰি কান্ধত চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ‘ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ ফলত মহিলাসকলে পাকঘৰ চলাব পৰা নাই। যিসকলৰ গেছ নাই, খৰি নাই সেইসকলে ষ্ট’ভত ভাত ৰান্ধি খায়, কেৰাচিন মুক্ত কৰিলে সেইসকলৰ অৱস্থা কি হ’ব?‘

তাৰোপৰি সভাপতি গৰাকীয়ে কয় যে, ‘জেটলী, সুষমা স্বৰাজে কংগ্ৰেছ চৰকাৰ শাসনত থাকোতে চিলিণ্ডাৰৰ মূল্য ৩০০ টকা হওঁতেই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেওঁলোক শাসনলৈ আহিলে ৰন্ধন গেছৰ মূল্য আধালৈ হ্ৰাস কৰি দিব বুলি কৈছিল। কিন্তু আজি চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৯৪৭ টকা।‘

আনহাতে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থকা মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ হক চৌধুৰীয়ে ৰাজ্যিক বিজেপিক প্ৰশ্ন কৰি কয় ‘ৰাজ্য চৰকাৰে যদি কেৰাচিন মুক্ত অসম গঢ় দিব খুজিছে, তেন্তে বিদ্যুৎ যোগান নিয়মীয়া কৰিব পৰা নাই কিয়?’

লগতে সভানেত্ৰী গৰাকীয়ে কয় যে, ’২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ শ্ল’গান দিছিল বিজেপি চৰকাৰে। যদি কেৰাচিন মুক্ত কৰি দিয়ে তেন্তে বিদ্যুতৰ লোড-শ্বেডিং হ’লে দুখীয়া লোকসকলে কেনেকৈ লেম্প জ্বলাব?’

প্ৰায় আধা ঘণ্টা ধৰি ৰাজীৱ ভবনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদকাৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ হক চৌধুৰীৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু সেৱাদলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।