NORTHEAST NOW (Assamese)
অসম

‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈ আহ্বান অসম বিৰোধী ঐক্যৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 11, 2024 9:05 pm

জাতিৰ স্বাভিমানত চূড়ান্ত আঘাত হানি অন্যায়ভাৱে ‘কা’ জাপি দিয়া বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দি ১২ মাৰ্চত ৰাজ্যজুৰি সৰ্বাত্মক হৰতাল কাৰ্যসূচী পালন কৰিবলৈ বিৰোধী ঐক্য মঞ্চই অসমৰ ৰাইজৰ প্রতি আহ্বান জনাইছে। 

এক বিবৃতিত ১৬ টা বিৰোধী দলৰ ঐক্য মঞ্চই আজি স্পষ্ট কৰি দিয়ে যে অসমৰ ৰাইজে আৰু বিদেশীৰ বোজা বহন কৰিব নোৱাৰে। ১৯৭১ চনত হোৱা অসম চুক্তি অনুযায়ী বিষয়টো সমাধান হোৱাতো বিৰোধী ঐক্য মঞ্চই পোষকতা কৰে। 

বিবৃতিটোত লগতে কয় – “আমি বাৰে বাৰে কৈ আহিছোঁ, কোনো কাৰণতে অসমৰ ৰাইজে ‘কা’ মানি নলয় আৰু ইয়াৰ বাবে অসমৰ ৰাইজে সৰ্বাত্মক হৰতাল কৰিবৰ বাবে সাজু হৈ আছে। ‘কা’ই অসমীয়া জাতিৰ ভৱিষ্যত ধ্বংস কৰিব। অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, কৃষ্টি আদিক বিপন্ন কৰিব। অসমীয়া জাতিৰ অসন্তিত্বৰ প্রতি ভাবুকি আহিব। অসম চুক্তিৰ মূল আত্মাত ‘কা’ই আঘাত হানিব।”

এনেধৰণৰ এখন জাতিধ্বংসী, অসাংবিধানিক আইন অসমত প্রযোজ্য কৰা কাৰ্যক বিৰোধী ঐক্য মঞ্চই কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে বিৰোধী ঐক্যই।

অসমৰ সকলো জাতি-জনগোষ্ঠী, সকলো দল-সংগঠনক ইয়াৰ বিৰুদ্ধে সৰ্বাত্মক হৰতাল কৰিবলৈ আজি এক বিবৃতিযোগে বিৰোধী এক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আহ্বান জনাইছে। 

বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ প্রতিটো দলৰ সকলো কৰ্মীকে ‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈকো আহ্বান জনাইছে মঞ্চৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে।