NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত অগ্নিকন্যা।। বিধেয়ক-এন আৰ চি-“কেলেংকাৰি জড়িত হিমন্ত”ক লৈ তুলাধুনা বিজেপিক

Posted by: অনুপ শৰ্মা April 5, 2019 7:39 pm
Loksabha election: Trinamool Congress releases manifesto for Assam, opposes citizenship bill

এন আৰ চি, নাগৰিকত্ব বিধেয়ক আৰু “কেলেংকাৰি জৰিত” হিমন্ত বিশ্ব শৰ্মাক ইছু হিচাপে লৈ ধুবুৰীৰ এখন নিৰ্বাচনী সভাত শুকুৰবাৰে শাসকীয় বিজেপি চৰকাৰ তুলাধুনা দিছে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

নাগৰিকত্ব বিধেয়কৰ জৰিয়তে বিজেপিয়ে হিন্দুৰ ত্ৰাণকৰ্তাৰ ভূমিকা দাবী কৰাৰ বিপৰীতে বেনাৰ্জীয়ে ইয়াক এক “ষড়যন্ত্ৰ” বুলি অভিহিত কৰে।

“নাগৰিকত্ব বিধেয়ক মতে আপোনালোক ৬বছৰ ধৰি বিদেশীৰূপে পৰিগণিত হ’ব, আৰু তাৰ পিছত আপোনালোকক নাগৰিকত্ব দিয়া হ’ব, কিয়? ছবছৰত আপোনালোকে কি কৰিব? আপোনাৰ চাকৰি, স্কুল আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সা-সুবিধাৰ কি হ’ব? এইটো ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়,” মূলতঃ হিন্দু বাঙালীক লক্ষ্য কৰি এই মন্তব্য বেনাৰ্জীৰ।

আনহাতে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ৪০লাখ লোকৰ কাষত “কোনো বিজেপি নেতা” থিয় নোহোৱাটোকো সমালোচনা কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে।

“কাৰোবাৰ মাকৰ যদি নাম নাই, কাৰোবাৰ আকৌ গিৰীয়েক বা ল’ৰা-ছোৱালীৰ নাম নাই। মুছলমানৰ নাম বাদ পৰিছে…চৰকাৰে আনকি শিশুকো দিটেনচন কেম্পত বন্দী কৰিছে,” মমতাৰ ভাষণ।

এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছতে ক’লকাতাৰ পৰা অসমলৈ তৃণমূল কংগ্ৰেছৰ বিধায়ক আৰু সাংসদ পঠোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় আপোনালোকে আমাক কেতিয়াও ভোট দিয়া নাই, কিন্তু আপোনালোক বিপদত পৰোঁতে আমি আহি কাষত থিয় দিছিলো। এন আৰ চিক লৈ অসমত বহুলোকে “আত্মহত্যা” কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

সাৰদা কেলেংকাৰি আৰু বৰ্তমান গেৰুৱা দলৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাহৰণেৰে নিজকে “দুৰ্নীতিবিৰোধী” বুলি বিজেপি চৰকাৰে কৰি অহা দাবী তেওঁ খণ্ডন কৰে।

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা “কেলেংকাৰিটোত জৰিত আছিল, কিন্তু তেওঁৰ বিৰুদ্ধেতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে,” বহুকোটিটকীয়া সাৰদা কেলেংকাৰিৰ মূল অভিযুক্ত সুদীপ্ত সেনৰ বহুচৰ্চিত “পত্ৰ” জোকাৰি জনসভাত মমতাৰ অভিযোগ।

অসম আৰু পশ্চিমবংগৰ “চিৰদিনে ভাল সম্পৰ্ক” থকা বুলি উল্লেখ কৰি তৃণমূল মুৰব্বীগৰাকীয়ে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ হৈ ৰাইজৰ ভোট ভিক্ষা কৰে।

“আমাক ভোট দিয়ক, আপোনালোকৰ সমস্যাসমূহ আমি সংসদলৈ লৈ যাম,” মমতাৰ আশ্বাস।