NORTHEAST NOW (Assamese)

পাকিস্তানত কাৰাবন্দী অসমীয়া: বিধান সভাত প্ৰশ্নৰ সন্মুখীন অসম চৰকাৰ

February 19, 2019 5:01 pm · এন ই নাও নিউজ
Updated: February 19, 2019 5:27 pm
প্ৰতীকী ছবি। সৌজন্য-- rediff.com|

নেদাৰলেন্দৰ হেগস্থিত ইণ্টাৰনেচনেল ক’ৰ্ট অৱ জাষ্টিচত কুলভূষণ যাদৱ সন্দৰ্ভত শুনানি চলি থকাৰ মাজতে পাকিস্তানত বন্দী অসমীয়া যুৱক সীমান্ত শইকীয়াক লৈ বিধান সভাত প্ৰশ্নৰ সন্মুখীন হৈছে অসম চৰকাৰ।

গোলাঘাট জিলাৰ নৱগ্ৰামৰ ৩৩ বছৰীয়া যুৱকজন কৰাচীৰ লান্ধি কাৰাগাৰত বন্দী হৈ থকাৰ কথা সদনত স্বীকাৰ কৰিছে অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

“দেউতাক প্ৰদীপ শইকীয়াক যোগাযোগ কৰি গম পোৱা হৈছে যে সীমান্তক যোৱা বছৰৰ ২৮ অক্তোবৰত পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে বন্দী কৰিছে। তেওঁৰ মুক্তিৰ বাবে ইতিমধ্যে অসম আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহক বিষয়টো উত্থাপন কৰিছে,” খুমতাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে জনায়।

অৱশ্যে পাকিস্তানৰ কাৰাগাৰত বন্দী যুৱকজনৰ অৱস্থা সন্দৰ্ভত অসম চৰকাৰে বিশেষ আন একো জনাব পৰা নাই বুলি জানিব পৰা গৈছে। পাকিস্তানৰ কাৰাগাৰত বন্দী সীমান্তই চাগে প্ৰথম অসমীয়া, টাইমছ অৱ ইণ্ডিয়া-ৰ বাতৰি।

গুজৰাটৰ এটা কোম্পানিৰ হৈ সাগৰত মাছ মাৰিবলৈ যাওঁতে সতীৰ্থ আন কেইবাজনৰো সৈতে সীমান্তত পাকিস্তানৰ নিৰাপত্তাৰক্ষীৰ হাতত বন্দী হৈছিল অসমৰ যুৱকজন।

আৰৱ সাগৰত নিজৰ সীমা অতিক্ৰম কৰাৰ অভিযোগত ভাৰত আৰু পাকিস্তান দুয়ো দেশে পৰস্পৰৰ মাছমৰীয়াক প্ৰায়ে গ্ৰেপ্তাৰ কৰি আহিছে। সময়ে সময়ে দুয়োখন দেশে বন্দী মাছমৰীয়াসকলক মুকলি কৰি আহিছে।

Related News