NORTHEAST NOW (Assamese)
অসম

তিনি বছৰ ধৰি সন্ধানহীন হৈ থকা জয়দেৱ ব্ৰহ্মক জম্মু-কাশ্মীৰৰ মেন্ধাৰ চহৰৰ পৰা উদ্ধাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ September 1, 2022 6:52 am
তিনি বছৰ ধৰি সন্ধানহীন হৈ থকা জয়দেৱ ব্ৰহ্মক জম্মু-কাশ্মীৰৰ মেন্ধাৰ চহৰৰ পৰা উদ্ধাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে

সূদুৰ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰত অসমৰপৰা সন্ধানহীন হৈ পৰা প্ৰায় ৫০ বছৰ বয়সৰ লোকক কোকৰাঝাৰ আৰক্ষীয়ে জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত উদ্বাৰ কৰিবলৈ সক্ষম হৈছে।

লোক জনক উদ্ধাৰ কৰি আৰক্ষীয়ে কোকৰাঝাৰলৈ আনিছে ৷কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বেই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে জয়দেৱ ব্ৰহ্ম বুলি চিনাকি দিয়া ব্যক্তি গৰাকী বিগত তিনি বছৰ ধৰি পুঞ্চৰ মেন্ধাৰচহৰত আছিল৷কিন্তু মানসিকভাবে কিছু অসুস্থ ব্যক্তি গৰাকীক নিজৰ ঠিকনা,পৰিয়ালৰ পৰিচয় দিবলৈ অপাৰগ হৈ পৰিছিল।

সেই বিষয়ে আৰক্ষী অৱগত হোৱাত তেওঁক উদ্ধাৰৰ দিহা কৰা হয়। লোক জনক উদ্ধাৰ কৰাৰ পিছতো কোকৰাঝাৰ আৰক্ষী সম্প্ৰতি কিছু বিমোৰত পৰিছে৷কিয়নো বৰ্তমান কোকৰাঝাৰ আৰক্ষীৰ আশ্ৰয়ত থকা ব্যক্তি গৰাকীয়ে নিজৰ ঘৰ চিৰাং জিলাৰ বেংতল,বঙাইগাঁৱ,বাসুগাঁৱ,দেউশ্ৰী ,ঢালিগাঁৱ আদি বুলি কৈ থকাত তেওঁৰ প্ৰকৃত ঠিকনা বিচাৰি পোৱাত সমস্যাৰ সৃষ্টি হৈছে৷

সেয়েহে মানৱতাৰ খাতিৰত কোনো সদাশয় ব্যক্তিয়ে যদি জয়দেৱ ব্ৰহ্মক চিনি পায় অথবা তেওঁৰ পৰিয়ালৰ কোনো লোক আছে, তেন্তে তেওঁলোকক কোকৰাঝাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষী বিষয়া গৰাকীয়ে আহ্বান জনাইছে৷

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৎপৰতাত যোৱা ২৮ আগষ্টত জম্মু-কাশ্মীৰলৈ যোৱা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে জয়দেৱ ব্ৰহ্মক উদ্ধাৰ কৰি কোকৰাঝাৰত উপস্থিত হৈছে৷