NORTHEAST NOW (Assamese)
অসম

গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান; বন্ধ কৰি দিলে দুখনকৈ ডীলাৰ

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ December 4, 2021 8:01 am
DTO Baksa sealed TVS-Yamaha delear

গোৰেশ্বৰ চহৰৰ কেইবাখনো মটৰ চাইকেল ডীলাৰত শুকুৰবাৰে আবেলি বাক্সা জিলাৰ পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই অভিযান চলায়।

অভিযান কালত কেইবাখনো ডীলাৰৰ প্ৰয়োজনীয় নথি-পত্ৰ নোপোৱাৰ কথা সদৰি কৰে জিলা পৰিবহণ বিষয়াগৰাকীয়ে।

ইপিনে, নথি পত্ৰ নথকাৰ বাবে এখন টিভিএছ ডীলাৰ আৰু এখন য়ামাহা ডীলাৰ বন্ধ কৰি দিয়ে পৰিবহন বিষয়াগৰাকীয়ে।

বাক্সা জিলা পৰিৱহণ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা লব লগা (TC) টি চি কেইবাখনো ডীলাৰত নথকা বুলিও সদৰি কৰে বিষয়াগৰাকীয়ে ৷

Also Read: Road Accident কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন; দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকসহ চালকক আটক

টি চি নথকা ডীলাৰসমূহক শীঘ্ৰেই টি চি সংগ্ৰহ কৰাৰ বাবে আহ্বান জনাই পৰিবহন বিষয়াগৰাকীয়ে ইয়াৰ অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়নী দিয়ে।

আনহাতে, গোৰেশ্বৰৰ ৰাজপথত অবৈধভাৱে চলা ডাম্পাৰৰ বিৰুদ্ধেও অভিযান চলাব বুলি ব্যক্ত কৰে জিলা পৰিবহন বিষয়াগৰাকীয়ে।