NORTHEAST NOW (Assamese)
Popular Stories

২৩০ গৰাকী ব্যক্তিৰ পৰা ৪ কোটি লুটি ৰঙা ঘৰত সোমাল এজন প্ৰৱঞ্চক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2021 8:46 pm
arrest-generic_650x400_71463458726

বহু লোকক প্ৰৱঞ্চনা কৰি অৱশেষত ৰঙা ঘৰৰ আহলী হৈছে এজন লোক।

মহাৰাষ্ট্ৰৰ থানেত ২৩০ গৰাকীৰ লোকৰ পৰা ৪ কোটি টকা প্ৰৱঞ্চনাৰে সৰকাই এণ্টি এক্স’ৰ্টশ্যন চেলৰ জালত পৰিছে এগৰাকী প্ৰৱঞ্চক।

এইচিৰ জ্যেষ্ঠ পৰিদৰ্শক ৰাজকুমাৰ কোঠমাৰীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰৱঞ্চকজন পংকজ বাগল(৪২) বুলি চিনাক্ত কৰা হৈছে।

যোৱা ১৮ জানুৱাৰীত ক’পৰী আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰা হৈছিল।

সেই অভিযোগ ভিত্তিতে তদন্ত চলাই পংকজ বাগলক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ অনুসৰি পংকজ বাগলে প্ৰতিমাহে ৪ শতাংশ লাভ ঘূৰাই দিয়াৰ বন্দোৱস্তিৰে কৰবাত ধন বিনিয়োগ কৰিবলৈ ২৩০ লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল।

প্ৰায় ৪ কোটি ধন সংগ্ৰহ কৰাৰ পিছতে পংকজ বাগল পলায়ন কৰিছিল।

আৰক্ষীয়ে অনুসন্ধান চলায় লোকজনক গ্ৰেপ্তাৰ কৰি অহা ২৩ এপ্ৰিললৈকে নিজৰ জিম্মাত লৈছে।