NORTHEAST NOW (Assamese)
Popular Stories

চিত্ৰশিল্পী মমতা! নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে ধৰ্ণাত বহি ছৱি আঁকিলে মমতা বেনাৰ্জীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2021 8:39 pm
চিত্ৰশিল্পী মমতা! নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে ধৰ্ণাত বহি ছৱি আঁকিলে মমতা বেনাৰ্জীয়ে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ নিৰ্বাচন আয়োগে।

সোমবাৰে সন্ধিয়া এখন বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে নিৰ্বাচন আয়োগে।

ইয়াৰ প্ৰতিবাদস্বৰূপে মঙলবাৰে দুপৰীয়াৰ পৰা নেত্ৰীগৰাকীয়ে কলকাতাৰ মায়’ ৰ’ডস্থিত এটা গান্ধী মূৰ্তিৰ সমুখত ধৰ্ণাত বহিছে।

ধৰ্ণাত বহি থকাৰ সময়ছোৱাত নেত্ৰীগৰাকীয়ে এক ব্যতিক্ৰমী পৰিচয় দাঙি ধৰে।

ছৱি অঁকাটো তেওঁৰ এটা প্ৰিয় চখ, সেয়ে ধৰ্ণাত বহি থকাৰ সময়ছোৱাত তেওঁ দুখনকৈ ছৱি আঁকে।

ধৰ্ণাস্থলীত কোনো তৃণমূল নেতা অথবা কৰ্মীক দেখা নগ’ল যদিও দলটোৰ নেতাসকলে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ প্ৰতিবাদত ধৰ্ণাস্থলীৰ পৰা কিছু আঁতৰত বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰে।

বিয়লী ৩ বজাত তেওঁ ধৰ্ণাস্থলী ত্যাগ কৰে।