NORTHEAST NOW (Assamese)
Popular Stories

নাও আৰু জাহাজৰ মাজত সংঘৰ্ষ : ৩ মাছমৰীয়াৰ মৃত্যুৰ আশংকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2021 8:22 pm
boat

নাও আৰু জাহাজৰ মাজত সংঘটিত এক সংঘৰ্ষত তিনিজন মাছৰীয়াৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি মংগলবাৰে মাংগালুৰুৰ সাগৰৰ উপকূলত এখন মাছমৰীয়া নাও আৰু এখন বিদেশী জাহাজৰ সৈতে সংঘৰ্ষ সংঘটিত হৈছে।

উক্ত সংঘৰ্ষৰ পিছৰ পৰা মাছমৰীয়া নাওখনত থকা তিনিজন মাছমৰীয়া সন্ধানহীন হৈ আছে।

যোৱা দেওবাৰে সন্ধিয়া আইএফবি ৰাবাহ নামৰ নাওখন ১৪ জন মাছমৰীয়া লৈ কেৰালাৰ কোজিকোড জিলাৰ বেইপুৰৰ পৰা সাগৰলৈ ৰাওনা হৈছিল।

নাওখনৰ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি নাওখনত থকা ১৪ জন মাছমৰীয়াৰ ভিতৰৰ সাতজন মাছমৰীয়া তামিলনাডুৰ আৰু বাকীসকল পশ্চিমবংগ আৰু ওড়িশাৰ। আৰু তাৰ মাজৰে তিনিজন মাছমৰীয়া সন্ধানহীন হৈ আছে।

অৱশ্যে সন্ধানহীন হৈ থকা ৩ মাছৰীয়া কোন ৰাজ্যৰ সেয়া জানিব পৰা হোৱা নাই।

নাওখনত খুন্দা মৰা জাহাজখন ছিংগাপুৰৰ বুলি জানিব পৰা গৈছে।