NORTHEAST NOW (Assamese)

নিষেধাজ্ঞাৰ বিপৰীতে দিপাৱলীত ফটকা ফুটাই আনন্দ-উল্লাস কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

November 10, 2020 8:24 pm · কল্পজ্যোতি শইকীয়া

সেউজ ন্যায়াধীকৰণ আৰু ৰাজ্য চৰকাৰে আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বিপৰীতে দিপাৱলীত ফটকা ফুটাই হিন্দু ধৰ্মাৱলম্বী লোকসকলক আনন্দ-উল্লাস কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

টুইটাৰযোগে এই কথা জনাইছে মন্ত্ৰীগৰাকীয়ে।

‘অন্য ধৰ্মৰ দৰে হিন্দু ধৰ্মাৱলম্বী লোকৰো উৎসৱ উদযাপন কৰাৰ অধিকাৰ আছে। কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে আমি দিপাৱলী উদযাপনত কোনোধৰণৰ নিষেধাজ্ঞা বা বাধ্যবাধকতা ৰাখিব বিচৰা নাই। সকলোৱে ফটকাও ব্যৱহাৰ কৰিব পাৰিব।‘ টুইটযোগে এইদৰে লিখে মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে, সকলোকে নিজকে সুৰক্ষিত কৰি ৰখাটোৱেই কোভিডৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল চাবি-কাঠি বুলি মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, আজি অসম চৰকাৰে দিপাৱলীৰ সময়ত ৰাজ্যত ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

দিপাৱলীৰ সময়ত ফটকা ব্যৱহাৰ নকৰিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশ পালন কৰি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইয়াৰোপৰি, কোভিডৰ সংক্ৰমণৰ সময়ত প্ৰদূষণ সৃষ্টি নকৰাৰ উদ্দেশ্যে অসম চৰকাৰে গুৱাহাটীত ৩০ নৱেম্বৰ পৰ্যন্ত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত বাধা আৰোপ কৰিছিল।

লগতে অসম চৰকাৰে ৰাজ্যখনৰ নাগৰিকসকলক দিপাৱলীৰ দিনটোত ৮ বজাৰ পৰা ১০ বজালৈ প্ৰদূষণ সৃষ্টি নকৰা ফুলজাৰি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছিল।

এই নিৰ্দেশনাৰ পাছত মন্ত্ৰীগৰাকীয়ে বিপৰীত স্থিতি গ্ৰহণ কৰি সকলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰিবলৈ আহ্বান জনোৱাটোৱেই সকলোকে আশ্চৰ্য্য কৰি তুলিছে।

Related News