NORTHEAST NOW (Assamese)

পশ্চিমবংগত ভয়ানক আক্ৰমণৰ মুখত হিমন্ত বিশ্ব: কঠোৰ গৰিহণা সোণোৱালৰ

May 8, 2019 6:41 am · এন ই নাও নিউজ
Updated: May 8, 2019 6:56 am
ঘটনাস্থলী। ছবি সৌজন্য- হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ।

পশ্চিমবংগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত হোৱা ভয়ানক আক্ৰমণক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ঘটনাটোৰ উচিত তদন্ত আৰু জড়িতসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে পশ্চিম বংগ চৰকাৰক দাবী জনাই বিভাগীয় বিবৃতি জাৰি কৰাৰ লগতে সোণোৱালে টুইটাৰত পোনপটীয়াভাৱে সমালোচনা কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক।

“এই অৱস্থা বংগত। মমতা দিদি, পৰাজয়ে আপোনাৰ মুখলৈ দৃষ্টি দি আছে আৰু যি লেতেৰা ৰাজনীতিয়েই আপুনি নলওক কিয়, আসন্ন পৰাজয় আপুনি ৰোধ কৰিব নোৱাৰিব। এই নীচ ধৰণৰ আক্ৰমণক আমি তীব্ৰভাৱে গৰিহণা দিছো। জনগণে এই গুণ্ডাগিৰিৰ শাস্তি দিব,” সোণোৱালৰ টুইট।

টুইটাৰযোগে ঘটনাটোৰ সবিশেষ আপদে’ট কৰি থকা মন্ত্ৰী শৰ্মাই ব্যক্তিগতভাৱে শাৰীৰিক আঘাত পোৱা নাই আৰু তেওঁলোকক চি আৰ পি এফ বাহিনীয়ে ঘটনাস্থলীৰ পৰা স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ সময়ত অসমৰ মন্ত্ৰীজনৰ লগত পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষো আছিল।

সন্ধিয়া প্ৰায় ৮ বজাত কান্থি লোকসভা সমষ্টিৰ খেজুৰিত সংঘটিত এই আক্ৰমণটো তৃণমূল গুণ্ডাৰ বুলি স্পষ্ট অভিযোগ আনিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আক্ৰমণটো “ভয় লগা” বুলি উল্লেখ কৰি ঘটনাটোৰ সময়ত উপস্থিত ৰাজ্যিক আৰক্ষীয়ে “নীৰৱ” দৰ্শকৰ ভূমিকা লোৱা বুলিও শৰ্মাই লগতে অভিযোগ কৰিছে।

“(আমাক) নিৰ্বিচাৰভাৱে তৃণমূল গুণ্ডাই আক্ৰমণ কৰিছে। আমাৰ বহু কৰ্মী আহত হৈছে, এতিয়াও তৃণমূল গুণ্ডাই ঘেৰি ৰাখিছে আৰু দুৰ্ব্যৱহাৰ কৰি আছে। বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ আৰু মই আবদ্ধ হৈ আছো,” ঘটনাৰ সময়ত শৰ্মাৰ টুইট।

ঘটনাটোত ক্ষতিগ্ৰস্ত হৈছে হিমন্ত বিশ্বৰ কনভয়ৰ ২০খন মটৰচাইকেল।

ব্যাপক নিৰ্বাচনী হিংসাৰ বাবে কুখ্যাত পশ্চিমবংগত এই নিৰ্বাচনতো শাসনাধীন তৃণমূল কংগ্ৰেছে হিংসাত্মক কাৰ্য্য সংঘটিত কৰাৰ বহু অভিযোগ উত্থাপিত হৈছে।

অহা ১২ মে’ত দেশৰ সাধাৰণ নিৰ্বাচনৰ ষষ্ঠ পৰ্য্যায়ত কান্থিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তৃণমূলৰ শিশিৰ কুমাৰ অধিকাৰী। লোকসভা আসনখনৰ আটাইকেইটা বিধানসভা সমষ্টিয়েই পূব মেদিনীপুৰ জিলাৰ অন্তৰ্গত।

Related News