বিশ্ববিদ্যালয়ৰ ভূমিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ হস্তক্ষেপ! উদ্বেগ প্ৰকাশ সচেতন মহলৰ
গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী আৰু আন কেইগৰাকীমান ভূমি পট্টাধাৰী ব্যক্তিৰ এক ভূখণ্ডক লৈ সৃষ্টি হোৱা বিবাদত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনৰ ‘অযথা হস্তক্ষেপ’ক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে।
মন্ত্ৰী যোগেন মোহনে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত নিৰ্দেশ জাৰি কৰি গুৱাহাটীৰ আজাৰাত এই বিবাদিত ভূখণ্ডৰ সীমা নিৰ্ধাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই এক জাননীযোগে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী আৰু আন পট্টাধাৰীসকলক ২১ জুনত সীমা নিৰ্ধাৰণৰ সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।
জাননীখনত চক্ৰ বিষয়াগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁ অসম ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীৰ লিখিত নিৰ্দেশ অনুসৰি জাননী জাৰি কৰিছে।
‘অসম ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীৰ লিখিত নিৰ্দেশ অনুসৰি ৰামছাৰাণী মৌজাৰ অন্তৰ্গত আজাৰাত থকা মাটি (পট্টা নং ৫৬)ৰ সীমা নিৰ্ধাৰণ অহা ২১ জুন, ২০২৩ তাৰিখে পুৱা ১১.০০ বজাত কৰা হ’ব। গতিকে নিৰ্ধাৰিত তাৰিখত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল। অন্যথা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’- জাননীত এইদৰে উল্লেখ কৰা হৈছে।
কিন্তু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্বত্বাধিকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সৈতে মন্ত্ৰীগৰাকীৰ লিখিত নিৰ্দেশ প্ৰদান কৰা নাই চক্ৰ বিষয়াগৰাকীয়ে। ইয়াৰ উপৰিও জাননীখন সীমা নিৰ্ধাৰণৰ নিৰ্ধাৰিত তাৰিখৰ মাত্ৰ কেইঘণ্টামান পূৰ্বেহে খৰখেদাকৈ জাৰি কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে।
লগতে উক্ত জাননীখনতো কোনো তাৰিখ উল্লেখ কৰা হোৱা নাছিল। এনে ব্যক্তিগত পৰ্যায়ৰ ভূমি বিবাদত মন্ত্ৰীগৰাকীৰ এইধৰণৰ হস্তক্ষেপে স্বাভাৱিকতেই হচকিত কৰি তুলিছে সকলোকে। যোগেন মহনৰ এনে কার্যই মন্ত্রীৰ মৰ্যাদা ক্ষুণ্ণ কৰিছে বুলিও চৰ্চা চলিছে৷
“কোনো দায়িত্বশীল মন্ত্ৰীয়ে ব্যক্তিগত ভূখণ্ডক লৈ হোৱা বিবাদ সমাধানৰ বাবে এনে আদেশ জাৰি নকৰে। যদি কোনো আদেশ জাৰি কৰিবলগীয়া হয়, তেন্তে সেয়া ৰাজহ বিভাগৰ নিজ নিজ বিষয়াৰ পৰা আহিব লাগিব, মন্ত্ৰীৰ পৰা নহয়।”– নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ব্যক্তিয়ে কয়।
উল্লেখ্য যে, গুৱাহাটীৰ চানমাৰীৰ বাসিন্দা ননী চৌধুৰী নামৰ এগৰাকী ব্যক্তিয়ে উক্ত অংশৰ মালিকীস্বত্ব দাবী কৰাৰ পিছতে এই ভূখণ্ডক লৈ বিবাদৰ সৃষ্টি হৈছে। আনহাতে ননী চৌধুৰীৰ ওচৰত এই ভূমিৰ কোনো বৈধ নথি নথকা বুলিও অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতে ভূমিৰ অন্যতম পট্টাধাৰী হাৰুণ আলীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক ননি চৌধুৰীৰ বিবাদিত ভূমিৰ ওপৰত কোনো জীৱিত স্বাৰ্থ আছে নে নাই সেয়া পৰীক্ষা কৰি আবেদনকাৰীৰ শুনানি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
অভিযোগ অনুসৰি মন্ত্ৰী যোগেন মোহনৰ অহৰহ হেঁচাত আৱেদনকাৰী হাৰুণ আলীৰ কথা শুনা নাছিল চক্ৰ বিষয়াগৰাকীয়ে। আমোদজনকভাৱে কৰ্তৃপক্ষই পূৰ্বেও প্ৰায় চাৰিবাৰমান বিবাদিত উক্ত ভূখণ্ডৰ সীমা নিৰ্ধাৰণৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে।