NORTHEAST NOW (Assamese)

COVID-19ৰ চিকিৎসালয়ৰ বাবে ভূমি দান কৰিবলৈ আগ্ৰহী মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত

March 28, 2020 5:10 pm · ৰিদিপ শর্মা
Updated: March 28, 2020 5:16 pm

অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণৰ অৰ্থে ৰাজ্য নিজৰ ১০ বিঘা ভূমি প্ৰদান কৰিবলৈ আগ্ৰহী কলিয়াবৰৰ ব্যৱয়াসী কৃষ্ণ মহন্ত।

শুকুৰবাৰে ব্যৱসায়ীগৰাকীয়ে নিজৰ আগ্ৰহ ব্যক্ত কৰি কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনত তেওঁ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে-নিশাই জাতিটো বচাবলৈ’ পৰিশ্ৰম কৰা বুলি উল্লেখ কৰি এই ‘সংগ্ৰাম’ৰ প্ৰতি সহাৰি জনাই COVID-19ৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণৰ উদ্দেশ্যে কলিয়াবৰত তেওঁৰ নামত থকা ১০ বিঘা মাটি স্বাস্থ্য বিভাগক দান কৰিবলৈ আগ্ৰহী বুলি কয়।

উল্লেখযোগ্য যে পেছাত এগৰাকী ঠিকাদাৰ কৃষ্ণ মহন্ত হৈছে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ কনিষ্ঠ ভাতৃ।

কালি (২৭ মাৰ্চ) মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসাৰ বাবে অতি শীঘ্ৰেই ৫ খন অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। তেওঁৰ এই ঘোষণাৰ পিছতে কৃষ্ণ মহন্তই চিকিৎসালয় নিৰ্মাণৰ বাবে কলিয়াবৰত ১০ বিঘা মাটি চৰকাৰক দিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

লগতে পঢ়ক ৰাজ্যত দুমাহৰ ভিতৰত ১৫০০ আই চি য়ু বিচনাযুক্ত ৫ খন ক’ৰ’না চিকিৎসালয় নিৰ্মাণ কৰা হ’ব : হিমন্ত বিশ্ব শৰ্মা

মহন্তৰ এই ঘোষণাক কলিয়াবৰৰ ৰাইজৰ লগতে ফে’চবুক আদি সামাজিকৰ মাধ্যমত বিভিন্নজনে আদৰণি জনাই প্ৰশংসা কৰা দেখা গৈছে।

Related News