শীঘ্ৰে কাগজ কলৰ কৰ্মীসকলে ভাল খবৰ লাভ কৰিব : পীযুষ হাজৰিকা

নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলক শীঘ্ৰে ভাল খবৰ দিয়া হ’ব বুলি শুকুৰবাৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
কাগজ কলটোত কাম কৰা কৰ্মচাৰী সকলৰ প্ৰাপ্য আদায় নিদিয়াকৈ তেওঁলোকক কেতিয়াও উচ্ছেদ কৰিব দিয়া নহ’ব বুলিও মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।
তেনে কৰিবলৈ গ’লে জাগীৰোডৰ বিধায়ক হিচাপে নিজেই আগত জপিয়াই পৰিব বুলিও হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়।
আনহাতে, কাগজ কলৰ কৰ্মচাৰী সকলে বাস কৰি থকা আৱাস সমূহ খালী কৰাৰ বাবে অহা নিৰ্দেশ প্ৰসংগত মন্তব্য কৰি হাজৰিকাই কেতিয়াবা নিৰ্দেশ আহে আমি নামনো বুলি কয়।
উচ্ছেদ চলোৱাৰ বাবে বহু সময়ত নিৰ্দেশ আহে কিন্তু সকলোতে উচ্ছেদ হয় নেকি বুলিও পিযুষে প্ৰশ্ন কৰে।
উল্লেখযোগ্য যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ সক্ৰিয় কৰি তুলিব বুলি বিভিন্ন সময়ত ৰাজনৈতিক ঘোষণা কৰি আহিলেও বৰ্তমানলৈ কাগজ কল দুটা পুনৰ সক্ৰিয় কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দৃষ্টি গোচৰ হোৱা নায়।
কাগজ কল দুটা পুনৰ সক্ৰিয় কৰাৰ দাবীৰে কৰ্মচাৰী সকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আনকি ভালেকেইজন কৰ্মচাৰীয়ে আত্মহত্যাৰ পথো বাচি লৈছে।