NORTHEAST NOW (Assamese)

বিশ্বনাথৰ কৃষকৰ মাজত বিনামূলীয়া ট্ৰেক্টৰ, পাৱাৰ টিলাৰ বিতৰণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ

February 16, 2019 7:55 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সৌজন্যত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত বিশ্বনাথ চাৰিআলিত আজি কৃষকৰ মাজত বিনামূলীয়া ট্ৰেক্টৰ, ৰটাভেটৰ, পাৱাৰ টিলাৰৰ লগতে প্ৰায় ১৫ হাজাৰ দৰিদ্ৰ কৃষকক ৫ হাজাৰ টকাকৈ সাহায্য বিতৰণ কৰে।

বিশ্বনাথ চাৰিআলিৰ আৱৰ্তভৱন খেলপথাৰত অনুষ্ঠিত উক্ত অনুদান বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে বিশ্বনাথ জিলাত যথেষ্ট পৰিমাণত কৃষি উপযোগী ভূমি আছে। গতিকে কৃষি ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰি বিশ্বনাথ জিলাৰ কৃষক ৰাইজক কৃষি মূলধন আৰু কৃষি সম্পাদনৰ সা-সঁজুলি তথা যন্ত্ৰপাতিৰ যোগান ধৰাটো কৃষি বিভাগৰ অন্যতম দায়িত্ব।

ইপিনে অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ আগত তেওঁ জম্মু-কাশ্মীৰৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ভাৰত চৰকাৰে পাকিস্থানক অতি শীঘ্ৰে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে।

আজিৰ উক্ত অনুষ্ঠানত প্ৰমিলা ৰাণী ব্ৰহ্মৰ লগতে বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে, গহপুৰৰ বিধায়ক উৎপল বৰা আদি উপস্থিত থাকে।

Related News