NORTHEAST NOW (Assamese)

ফাৰ্ম হাউছ জ্বলাই দিয়াকলৈ অসম-মিজোৰাম সীমান্তত তীব্ৰ উত্তেজনা

October 11, 2020 10:55 am · এন ই নাও নিউজ

অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ কৰিমগঞ্জ জিলা প্ৰশাসনে মিজোৰামৰ লোকে স্থাপন কৰা ফাৰ্ম হাউছ আৰু খেতি পথাৰ জ্বলাই দিয়াকলৈ এতিয়া সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

জানিব পৰা মতে অসম-মিজোৰাম সীমান্তৱৰ্তী মামিট অঞ্চলত মিজোৰামৰ একাংশ লোকে অবৈধ ভাবে ফাৰ্ম হাউছ স্থাপন কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছিল।

এই কথা কৰিমগঞ্জ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত জিলা প্ৰশাসনে সেই খেতি পথাৰ জ্বলাই দি অবৈধ দখল উচ্ছেদৰ চেষ্টা চলায়।

মিজোৰামৰ জন জলাউমা নামৰ লোক জনে সীমান্তৱৰ্তী অঞ্চলত ব্যপক হাৰত বেদখল কৰাৰ অভিযোগ উঠিছে।

কৰিমগঞ্জ  প্ৰশাসনে মিজো লোকে স্থাপন কৰা বৃহৎ তামোলৰ বাগানো ধ্বংস কৰে।

এই ঘটনাকলৈ সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ সময়তে মিজোৰামৰ মামিট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সেই স্থান পৰিদৰ্শন কৰে।

মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান এছ বি কে সিঙে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে টেলিফোনেৰে যোগাযোগ কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

মিজোৰামৰ চৰকাৰে কৰিমগঞ্জ প্ৰশাসনৰ কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে  এই বিষয়ে কেন্দ্ৰীয় গৃহ দপ্তৰক  চিঠি লিখিব বুলি কৈছে।

মিজো ছাত্ৰ সন্থায়ো কৰিমগঞ্জ জিলা প্ৰশাসনৰ কাৰ্যক গৰিহণা দিছে।

Related News