NORTHEAST NOW (Assamese)
Popular Stories

ৰিণিকিৰ পথেৰে বাট বুলিছে বিজেপিৰ বহু মন্ত্ৰী-বিধায়কৰ পত্নী! নিৰ্বাচনী শপতনামাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2026 1:33 pm

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাসমূহে শাসকীয় বিজেপি দলৰ একাংশ শীৰ্ষ নেতা, মন্ত্ৰী আৰু বিধায়কৰ অদম্য সম্পত্তি বৃদ্ধিৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। ৰাজনীতি এতিয়া কেৱল জনসেৱাৰ মাধ্যম হৈ থকা নাই, বৰঞ্চ একাংশ নিৰ্বাচিত প্ৰতিনিধি আৰু তেওঁলোকৰ পত্নীৰ বাবে ই সম্পত্তি দুগুণ-তিনিগুণ কৰাৰ এক নিশ্চিত পথত পৰিণত হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দাখিল কৰা এই শপতনামাসমূহে উদঙাই দিছে যে কেনেকৈ মাত্ৰ পাঁচ বছৰতে পাহাৰসদৃশ সম্পত্তিৰ গৰাকী হৈছে শাসকীয় দলৰ একাংশ জনপ্ৰতিনিধি। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি ক্ৰয়ৰ বিতৰ্কই চৰ্চা লাভ কৰাৰ মাজতে এতিয়া বহুকেইগৰাকী বিধায়ক আৰু মন্ত্ৰীৰ পত্নীৰ নামো এই ভূমি কেন্দ্ৰিক দৌৰত সাঙোৰ খাই পৰিছে।

এই সম্পত্তি বৃদ্ধিৰ দৌৰত সবাতোকৈ চৰ্চিত নামটো হৈছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা। ২০২১ চনত প্ৰায় ৩.৩০ কোটি টকাৰ সম্পত্তিৰ গৰাকী কলিতাৰ সম্পত্তি ২০২৬ চনত বৃদ্ধি পালে ৮.৪৬ কোটি টকালৈ। অৰ্থাৎ মাত্ৰ পাঁচ বছৰত ৫ কোটিৰো অধিক টকাৰ সম্পত্তি বৃদ্ধি কৰা বিধায়কগৰাকীয়ে ভূমি ক্ৰয়ৰ ক্ষেত্ৰত এক প্ৰকাৰ অভিলেখ গঢ়িছে। বিধায়ক হোৱাৰ পাছত তেওঁ ৫.১ একৰ কৃষিভূমি ক্ৰয় কৰাৰ লগতে গুৱাহাটীৰ ৰাজগড়ৰ দৰে অভিজাত এলেকাতো কোটি টকীয়া ভূমিৰ মালিক হৈ পৰিছে। শিংৰা, বাইহাটা আৰু কেন্দুকণাৰ দৰে স্থানত তেওঁ যি হাৰত মাটি কিনিছে, সেয়া দেখিলে সচেতন মহলৰ চকু কপালত উঠিবলৈ বাধ্য।

একেদৰেই লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সম্পত্তি বৃদ্ধিৰ কাহিনীও সমানেই আমোদজনক। ২০২১ চনত ডেকা পৰিয়ালৰ সম্পত্তি ৫.৬০ কোটি টকা আছিল যদিও ২০২৬ চনত ইয়াৰ পৰিমাণ হ’লগৈ ১৪.৬৭ কোটি টকা। মাত্ৰ পাঁচ বছৰতে ৯ কোটি টকা বৃদ্ধি পোৱা এই সম্পত্তিৰ সিংহভাগেই আছে তেওঁৰ পত্নীৰ নামত। বিধায়ক হোৱাৰ পাছত লখিমপুৰৰ পৰা গুৱাহাটীলৈ আৰু পলাশবাৰীৰ পৰা নাওবৈছালৈকে বিভিন্ন স্থানত তেওঁৰ পত্নীয়ে ভূমি সম্পত্তি ক্ৰয়ৰ বাবে হাত মেলাৰ তথ্য শপতনামাত প্ৰকাশ পাইছে। বিধায়কগৰাকীৰ বিলাসিতা আৰু বহুমূলীয়া ঘড়ীৰ চৰ্চা আগৰে পৰাই আছিল যদিও শেহতীয়া এই ভূমি-ক্ষুধাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে, সম্পত্তি বৃদ্ধিৰ দৌৰত সকলোকে চেৰ পেলাইছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিগত ১৫ বছৰত তেওঁৰ পৰিয়ালৰ সম্পত্তি ৩৮ গুণ বৃদ্ধি পোৱা তথ্যই এতিয়া চৰ্চা লাভ কৰিছে। ২০১১ চনত মাত্ৰ ৫১.২১ লাখ টকাৰ সম্পত্তিৰ গৰাকী বৰুৱাৰ পৰিয়ালৰ হাতত এতিয়া আছে ১৯ কোটি টকাৰো অধিক সম্পত্তি। বিশেষকৈ যোৱা দুটা বছৰত মন্ত্ৰীগৰাকীৰ পত্নীয়ে ৯টা বিভিন্ন স্থানত কৃষিভূমি ক্ৰয় কৰিছে। দিল্লী, গুৱাহাটী আৰু নলবাৰীত অট্টালিকা সজাৰ লগতে তেজপুৰ আৰু উত্তৰ গুৱাহাটীত যিধৰণৰ ভূমিৰ পাহাৰ গঢ়িছে, সি প্ৰমাণ কৰে যে মন্ত্ৰী হোৱাৰ পাছত তেওঁৰ আৰ্থিক স্থিতি অভূতপূৰ্বভাৱে সলনি হৈছে। নিৰ্বাচনৰ সময়ত উন্নয়নৰ শ্লোগান দিয়া এইসকল জনপ্ৰতিনিধিয়ে জনতাৰ দুখ-দুৰ্দশা মোচন কৰাৰ পৰিৱৰ্তে ব্যক্তিগত উন্নয়নতহে অধিক মনোনিৱেশ কৰা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।