NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত মুছলমান নমৰে বুলি ভৱা ধাৰণাটো মিছা, মৌলানা-মৌলবীৰ কৱলত নপৰিব : শিলাদিত্য দেৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 5:24 pm
Shiladitya-Dev-678x381

অসমত বাংলাদেশী মুছলমানে ক’ৰ’না আনিলে বুলি আজি এক ফেইচবুক পোষ্টযোগে গুৰুতৰ অভিযোগ কৰে হোজাইৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে।

ফেইচবুক পোষ্টত শিলাদিত্যই ইছলাম ধৰ্মালম্বী লোকসকলক বৰ্তমান সময়ত ধৰ্মীয় গোড়ামি পৰিহাৰ কৰি ঘৰৰ ভিতৰত থাকি প্ৰয়োজনীয় নীতি নিৰ্দেশনা সমূহ মানি চলাৰ বাবে আহ্বান জনায়।

‘‘বহু ইছলাম ধৰ্মৰ মানুহৰ ধাৰণা আছে মুছলমানৰ ক’ৰ’না নহয়, কিন্তু ইৰাণৰ দৰে দেশত কিমান মুছলমান মানুহৰ মৃত্যু হ’ল। গতিকে নাভাবিব পাঁচবাৰ নামাজ পঢ়িলে ক’ৰ’না নহয়,’’ শিলাদিত্য দেৱে কয়।

আনহাতে, ভিডিঅ’টোত বিধায়ক গৰাকীয়ে অসমীয়া ৰীতি-নীতি মানি চলি থাকিলে ক’ৰ’নাৰ সংক্ৰমণ কম কৈ হ’ব বুলি উল্লেখ কৰি কৰমৰ্দনৰ পৰিৱৰ্তে সেৱা আৰু নমস্কাৰৰ উদাহৰণ দাঙি ধৰে।

তদুপৰি, তেওঁ সকলো মুছলমান লোক গোড়া নহয় বুলি মত প্ৰকাশ কৰি মাত্ৰ ৪-৫ শতাংশ মুছলমান লোক গোড়া কিন্তু বাকীসকল লোক ভাল যদিও বহু লোক শিক্ষাৰ অভাৱৰ বাবে মুছলমান মৌলবী সকলৰ গোড়ামী শিক্ষাৰ স্বীকাৰ হয় বুলিও  লগতে কয়।

‘‘ক’ৰ’না ধৰ্ম চাই নাহে। ক’ৰ’নাই হিন্দুকো মাৰিব, মুছলমানকো মাৰিব গতিকে এই সময়ত বদৰুদ্দিন জৰা-ফুকা পানীয়ে ক’ৰ’না নোহোৱা কৰিব নোৱাৰে। ঘৰত থাকক আৰু ক’ৰ’না ৰোধ কৰাত সহায় কৰক,’’ শিলাদিত্যই ফেইচবুক পোষ্টটোত কয়।