NORTHEAST NOW (Assamese)

সাংসদ তপন গগৈৰ উপস্থিতিত শিৱসাগৰত ৰাজসাহায্যযুক্ত কৃষি সামগ্ৰী বিতৰণ 

November 24, 2019 7:37 am · পার্শ্বজোতি গগৈ
Updated: November 24, 2019 1:26 pm

শিৱসাগৰ জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে স্থানীয় নাট্য মন্দিৰত ৰাজসাহায্যযুক্ত কৃষি সা-সজুলি বিতৰণ কৰা হয়।

সাংসদ তপন কুমাৰ গগৈ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয়, ‘কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষকৰ আয় দুগুন বৃদ্বি কৰিবৰ বাবে তথা কৃষি কায্যৰ প্ৰতি কৃষকক অধিক আকৰ্ষিত কৰিবলৈ এনেধৰণৰ আঁচনি লৈছে।’

‘আমাৰ অসমত কৃষকে এটা খেতিহে কৰে। সেইবাবে কৃষকসকলক এনেধৰণৰ সা-সুবিধা প্ৰদান কৰিছো যাতে তেওঁলোকে বছৰটোশত তিনিটা খেতি কৰি আগবাঢ়ি যাব পাৰে।’ তেওঁ লগতে কয়।

উক্ত অনুষ্ঠানত ১০৩ গৰাকী কৃষকক পাৱাৰ টিলাৰ বিতৰণ কৰাৰ লগতে ১৫ গৰাকী কৃষকক চইল হেলথ কাৰ্ড আৰু ৱাটাৰ পাম্প বিতৰণ কৰা হয় বুলি।

অনুষ্ঠানটোত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, শিৱসাগৰ জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়া, জিলা উন্নয়ণ আয়ুক্ত নৱাব আল আজহাৰ আলী, সমাজকৰ্মী সুৰভি ৰাজকুমাৰী, ভবেন্দ্ৰ নাথ মহনকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।

Related News