NORTHEAST NOW (Assamese)
অসম

উৰিয়ামঘাটত দুষ্কৃতিকাৰীৰ আক্ৰমণ! অগ্নি সংযোগৰ পিছতে গুলী চালনা, আতংকিত অঞ্চলবাসী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2025 9:29 am

উৰিয়ামঘাটৰ উচ্ছেদৰ মাজতে সংঘটিত হৈছে এক উত্তেজনাপূৰ্ণ ঘটনা। উৰিয়ামঘাটৰ থুৰিবাৰী গাঁৱত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এটা ঘৰত জুই লগাই গুলীচালনা কৰাৰ ফলত সোমবাৰে নিশা অসম-নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৮:৩০ বজাত এখন মটৰ চাইকেলত অহা দুজন আক্ৰমণকাৰীয়ে ছালাম আলীৰ ঘৰত জুই লগাই কিছু মিনিটৰ ভিতৰতে নষ্ট কৰি পেলায়। ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰি পৰিয়ালটোৱে ঘৰটো খালী কৰি থৈ যোৱাৰ বাবে কোনো লোক হতাহতি হোৱা নাই বুলিন জানিব পৰা গৈছে। ২নং শান্তিপুৰৰ গাঁওবুঢ়াৰ নেতৃত্বত স্থানীয় গাঁওবাসীয়ে ততাতৈয়াকৈ জুই নিৰ্বাপন কৰি অধিক বিয়পি পৰাত বাধা দিয়াৰ বিপৰীতে সৰুপথাৰ এছ ডি অ’ (অসামৰিক) প্ৰিয়ম ফুকন, চি আৰ পি এফ জোৱান আৰু উৰিয়ামঘাট আৰক্ষীয়ে ততাতৈয়াকৈ অগ্নি নিৰ্বাপন কৰে আৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

অগ্নিসংযোগৰ পিছতে বাসিন্দাসকলে পাঁচটাতকৈ অধিক বন্দুকৰ গুলীৰ শব্দই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। একাংশ স্থানীয় লোকে নগা দুষ্কৃতিকাৰীক সন্দেহ কৰাৰ বিপৰীতে কোনো কোনো তৃতীয় পক্ষই অসম আৰু নাগালেণ্ডৰ মাজত সীমান্ত বিবাদ আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ উচটনি দিবলৈ চেষ্টা কৰিছে বুলি মত্প্ৰকাশ কৰিছে। শেহতীয়াকৈ অসমৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পিছতে সোণাৰিবিলৰ দৰে অঞ্চলত গছপুলি ৰোপণকে ধৰি পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে ১০ হাজাৰ বিঘা মাটিত প্ৰায় ৪ হাজাৰ অবৈধ ঘৰ উচ্ছেদ কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। নগা গোটসমূহে সদায় থুৰাইবাৰীৰ ওপৰত দাবী উত্থাপন কৰি আহিছে, যাৰ ফলত এই আক্ৰমণৰ লক্ষ্য বৰ্তমানৰ স্থিতিশীলতাক বিঘ্নিত কৰাৰ আশংকা সৃষ্টি হৈছে।

সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ দাবীত স্থানীয় সংগঠনৰ প্ৰতিবাদৰ মাজতে উৰিয়ামঘাট আৰক্ষীয়ে দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে ছ’চিয়েল মিডিয়াত অভিযোগ উত্থাপন কৰে যে ইয়াৰ বাবে দুজন “মিয়া যুৱক” দায়ী, আৰু তেওঁলোকৰ উদ্দেশ্য আছিল নগা জনগোষ্ঠী আৰু অসমৰ মাজত সংঘাত সৃষ্টি কৰা। তেওঁ এই কাৰ্যক গৰিহণা দি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।