NORTHEAST NOW (Assamese)

পুনৰ উত্তপ্ত অসম–নাগালেণ্ডৰ মেৰাপানী সীমান্ত; এটা নগা গোটৰ আক্ৰমণৰ অভিযোগ

December 15, 2025 6:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 15, 2025 2:16 pm

অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চল পুনৰ উত্তপ্ত হৈ পৰিছে। দেওবাৰে বিয়লি চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১ জনীয়া এটা অস্ত্ৰধাৰী নগা দলে জয়পুৰ গাঁৱত প্ৰৱেশ কৰি স্থানীয় লোকক ভয়-ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতে সীমান্ত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।

স্থানীয় সূত্ৰ অনুসৰি, নগা দলটোৱে চৰাই চিকাৰৰ উদ্দেশ্যে মেৰাপানী সীমান্তৰ ডি-চেক্টৰৰ ভেলৌগুৰি অন্তৰ্গত জয়পুৰ গাঁৱত প্ৰৱেশ কৰিছিল। গাঁওবাসীয়ে চৰাই মাৰিবলৈ বাধা দিয়াত দলটোৱে অস্ত্ৰ প্ৰদৰ্শন কৰি গাঁওখনৰ কেইবাজনো লোকক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। লগতে বন্দুক দেখুৱাই গুলী চলোৱাৰ ভাবুকিও দিয়া বুলি জানিব পৰা গৈছে।

এই ঘটনাত কিশোৰ কুমাৰ, ধীৰেশ্বৰ দৈমাৰী, লুলু গগৈ আৰু ৰুমি গুৱালা নামৰ চাৰিজন স্থানীয় লোক আহত হয়। আক্ৰমণৰ পাছতেই ক্ষুব্ধ গাঁওবাসীয়ে দুজন নগা যুৱকক ঘটনাস্থলীত আটক কৰে। আনহাতে, দলটোত থকা আন ৯ জন যুৱক পলায়ন কৰে।

গাঁওবাসীৰ মতে, নগা দলটোৰ পৰা কিছুমান সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনাৰ পাছতে চি আৰ পি এফ (CRPF) আৰু মেৰাপানী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।

ইফালে স্থানীয় লোকসকলে অভিযোগ কৰে যে ঘটনাৰ সময়তে আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাক লৈ আৰক্ষীৰ ভূমিকাক লৈও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Related News