NORTHEAST NOW (Assamese)

খানাপাৰাত ঘাইপথৰ ওপৰত দপদপকৈ জ্বলি উঠিল যাত্ৰীভৰ্তি নৈশবাছ

November 22, 2019 10:12 am · এন ই নাও নিউজ

মহানগৰীৰ খানাপাৰাত নিশা দপদপকৈ জ্বলিল উঠিল এখন যাত্ৰীবাহী নৈশবাছ। নিশা প্ৰায় ১০:৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।

গুৱাহাটী ISBTৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকাৰ সময়ত মেঘালয় অসম আৰক্ষী থানাৰ সমীপতে জ্বলি উঠে বাছখন।

সেই সময়ত বছখনত প্ৰায় ৪০ গৰাকী যাত্ৰী আছিল, অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ সময়ত যাত্ৰীসকলৰ মাজত হুৱা দুৱাৰ সৃষ্টি হয়।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাছখন।

পিছত অগ্নি নিৰ্বাপক বাহিনীৰ এখন বাহন ঘটনাস্থলীত উপস্থিত হৈ আধা ঘন্টা জোৰা চেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুইত ভস্মীভূত নৈশ বাছখন নম্বৰ এ এছ ০৬ বি চি ৩৪৭৭।

Related News