NORTHEAST NOW (Assamese)

এন আৰ চি: বাতিল হোৱা নাই ৫ বিধ নথি, ‘দাবী-আপত্তি’ৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

September 19, 2018 4:24 pm · এন ই নাও নিউজ
Updated: September 19, 2018 4:56 pm

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা ৪০ লাখ লোকৰ ক্ষেত্ৰত সমন্বয়ক প্ৰতীক হাজেলাই অনুৰোধ জনোৱা ৫ বিধ নথি বাতিল কৰা হোৱা নাই।

৫ বিধ নথি বাতিল কৰাক লৈ বিভিন্ন পক্ষৰ আপত্তি সন্দৰ্ভত অহা ২৩ অক্টোবৰত পৰৱৰ্তী শুনানি ল’ব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে বুধবাৰে শুনানিত দিছে এই নিৰ্দেশ।

অহা ২৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা ‘দাবী আৰু আপত্তি’ৰ ক্ষেত্ৰত এই হাজেলাই বাতিল কৰিবৰ বাবে পৰামৰ্শ দিয়া ৫বিধ নথি দাখিল কৰাসকলৰ পৰিৱৰ্তে বাকীসকলৰ আবেদন গ্ৰহণ কৰিবলৈ ন্যায়ালয়ে বুধবাৰে নিৰ্দেশ দিছে। এই সন্দৰ্ভত সমন্বয়ক হাজেলাক এক প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিছে ন্যায়ালয়ে।

আনহাতে ‘দাবী আৰু আপত্তি’ৰ সময়সীমা ৬০ দিনলৈ বৃদ্ধি কৰিছে ন্যায়ালয়ে।

হাজেলাই এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ ক্ষেত্ৰত (১) ৰেচন কাৰ্ড, (২) ১৯৫১ৰ এন আৰ চিৰ নথি, (৩) ১৯৭১ৰ ২৪ মাৰ্চলৈ থকা ভোটাৰ তালিকা, (৪) ১৯৭১ৰ ২৪ মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু (৫) শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ—এই ৫ বিধ নথি বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।

তাৎপৰ্য্যপূৰ্ণ যে এন আৰ চিত ইতিমধ্যে নাম সোমোৱা বাকীসকলৰ ক্ষেত্ৰত এই নথিসমূহ বৈধৰূপে বিবেচিত হৈছিল।

হাজেলাৰ এই আবেদনক লৈ বিজেপি, কংগ্ৰেছকে ধৰি বিভিন্ন সংগঠনে আপত্তি কৰাৰ লগতে আছাম পাব্লিক ৱৰ্কছ, সচেতন নাগৰিক মঞ্চ, আমছু আৰু জমিয়ত উলেমাই ন্যায়ালয়ত জনাইছিল আৱেদন।

Related News