NORTHEAST NOW (Assamese)

এজনো গোৰ্খা বিদেশী ন্যায়াধিকৰণলৈ নাযায়: গুৱাহাটীত ঘোষণা বিজিপিৰ

September 22, 2019 8:54 pm · শান্তনু শইকীয়া
Updated: September 22, 2019 10:11 pm
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় গোৰ্খা পৰিসংঘই দেওবাৰে ঘোষণা কৰিছে যে অসমৰ এন আৰ চি বহিৰ্ভূত ১ লাখ গোৰ্খা লোক বিদেশী ন্যায়াধিকৰণলৈ নাযায়।

বিদেশী ন্যায়াধিকৰণলৈ যোৱাটো “অপমান”ৰূপে অভিহিত কৰি পৰিসংঘই গুৱাহাটীত এই সিদ্ধান্ত সদৰী কৰিছে।

“ভাৰতীয় গোৰ্খা লোক কেতিয়াও বিদেশী ‍ন্যায়াধিকৰণলৈ নাযায়। বিদেশী ‍ন্যায়াধিকৰণলৈ যোৱাটো গোৰ্খাসকলৰ বাবে হ’ব এক অপমানহে,” সংবাদমেলযোগে পৰিসংঘৰ ৰাষ্ট্ৰীয় সভাপতি সুকমান মকটানে কয়।

এন আৰ চিৰ পৰা ১ লাখ গোৰ্খা লোক বাদ পৰা বুলি উল্লেখ কৰি বিনাচৰ্তে তেওঁলোকক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক সংগঠনটোৱে দাবী জনাইছে।

“অসম চৰকাৰক গোৰ্খা লোকসকলক অন্তৰ্ভুক্তিৰ বাবে বিশেষ কমিটি গঠনৰ দাবী জনাইছো,” গোৰ্খা নাম বাদ পৰাৰ বাবে অসম চৰকাৰক জগৰীয়া কৰি সংগঠনটোৰ ৰাষ্ট্ৰীয় সম্পাদক নন্দ কীৰ্তি দেৱানে কয়।

দেৱানে লগতে কয় যে উপাধি খেলিমেলিৰ বাবেও বহু গোৰ্খা লোক এন আৰ চিৰ পৰা বাদ পৰিছে।

“যিহেতু গোৰ্খা লোকসকলৰ ঘৰত বাপেকে উপাধ্যায় লিখিলে, পুতেকে শৰ্মাও লিখিব পাৰে বা লিখে,” দেৱানে জনায়।

গোৰ্খাসকলৰ গোচৰ বিদেশী ন‍্যায়াধিকৰণলৈ প্ৰেৰণ নকৰিবলৈ ২০১৮ চনৰ ২৪ ছেপ্তেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসমৰ মুখ‍্য সচিবক নিৰ্দেশ দিছিল, সংগঠনটোৰ সভাপতি মকটানে জনায়।

“কাৰণ গোৰ্খাসকল কোনো বিশেষ অঞ্চল (specified territory)ৰ পৰা অহা নহয়। বিশেষ অঞ্চল বাংলাদেশৰ পৰা কোনো গোৰ্খা লোক থকাৰ নজিৰ নাই,” গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ ভিত্তি দৰ্শাই মকটানৰ মন্তব্য।

দেওবাৰে ভাৰতীয় গোৰ্খা পৰিষদৰ সংবাদমেল। ছবি- নৰ্থইষ্ট নাও।

পৰিসংঘৰ অসম ৰাজ‍্যিক সমিতিৰ সভাপতি, অধিবক্তা নিত‍্যানন্দ উপাধ্যায়ে গোৰ্খাসকল সন্দৰ্ভত ভাৰতীয় সংবিধানৰ নিৰ্দেশ থকা বুলি উল্লেখ কৰে।

“১৯৫৩ চনৰ পাছত নেপালৰ পৰা অহা লোকসকলৰ বাবে সংবিধানৰ ৭নং আৰু ৮নং দফাত স্পষ্টকৈ লিখা আছে যে তেওঁলোকে ভাৰতত আহি বসবাস কৰিব পাৰিব। লগতে ইয়াত চাকৰি আৰু ব‍্যৱসায় কৰিব পাৰিব। তেওঁলোকক কোনো কাৰণতে বিদেশী ন্যায়াধিকৰণলৈ নিব নোৱাৰে,” উপাধ্যায়ে কয়।

লগতে পঢ়ক– শীঘ্ৰেই এন আৰ চি বহিৰ্ভূতৰ “নাগৰিকত্ব” বিচাৰ

খবৰ মতে, অসমৰ এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাসকলৰ “নাগৰিকত্ব” বিচাৰ শীঘ্ৰেই আৰম্ভ হ’ব।

অসমৰ বিদেশী ন্যায়াধিকৰণসমূহত ৰাজ্য চৰকাৰে শেহতীয়াকৈ ২২১গৰাকী সদস্য নিযুক্তি দিছে। আৰু অহা মাহত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে।

প্ৰকাশিত অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

Related News