DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰেই এন আৰ চি বহিৰ্ভূতৰ “নাগৰিকত্ব” বিচাৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
September 13, 2019 7:40 pm
Assam NRC: State Govt appoints 221 Foreigners’ Tribunal members

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো

25.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাসকলৰ “নাগৰিকত্ব” বিচাৰ শীঘ্ৰেই আৰম্ভ হ’ব।

অসমৰ বিদেশী ন্যায়াধিকৰণসমূহত ৰাজ্য চৰকাৰে শেহতীয়াকৈ ২২১গৰাকী সদস্য নিযুক্তি দিছে। আৰু অহা মাহত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ধাৰণা কৰা হৈছে।

অসমৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই শুকুৰবাৰে নৰ্থইষ্ট নাওক জনোৱা মতে, বাচনি কৰা বিষয়াসকল দায়িত্ব গ্ৰহণৰ দিনৰে পৰা এবছৰলৈ নিযুক্ত হ’ব।

১ অক্তোবৰত তেওঁলোকে দায়িত্ব গ্ৰহণ কৰাৰ কথা, নাম প্ৰকাশ কৰিব নোখোজা বিষয়াগৰাকীয়ে লগতে জনায়।

তেওঁ জনায় যে অহা ২৮ আৰু ২৯ ছেপ্তেম্বৰত বিষয়াসকলৰ এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হ’ব।

এই নতুন নিযুক্তিৰ ফলত অসমত প্ৰায় ২০০খন বিদেশী ন্যায়াধিকৰণ কাৰ্য্যক্ষম হৈ উঠিব।

নিযুক্তি দিয়া ২২১গৰাকীৰ মাজত আছে কৰ্মৰত অধিবক্তা, অৱসৰপ্ৰাপ্ত আমোলা আৰু ন্যায়িক বিষয়া।

মুঠ ২০০০ লোকে বিদেশী ন্যায়াধিকৰণৰ সদস্যপদৰ বাবে আবেদন কৰিছিল।

৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত বাদ পৰা লোকসকলে “নাগৰিকত্ব” দাবী নিষ্পত্তিৰ বাবে ১২০ দিনৰ ভিতৰত ন্যায়াধিকৰণৰ কাষ চাপিব লাগিব।

অসমত ইতিপূৰ্বে ১০০খন বিদেশী ন্যায়াধিকৰণ কাৰ্য্যক্ষম হৈ আছিল।

এন আৰ চিৰ পিছতে ৰাজ্য চৰকাৰে নতুনকৈ ৪০০খন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰাৰ কথা।

বিদেশী ন্যায়াধিকৰণলৈ যাওঁতে এন আৰ চি-বহিৰ্ভূতসকলে তেওঁলোকৰ “দাবী খাৰিজ” হোৱা সম্পৰ্কীয় “প্ৰত্যায়িত প্ৰতিলিপি” লগত নিব লাগিব।

প্ৰকাশিত অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

Recent News

Nitin Gadkari

কেন্দ্রীয় মন্ত্রী গাডকাৰীক ধনদাবী- হত্যাৰ ভাবুকি! কাৰাৰুদ্ধ আততায়ীক আটক আৰক্ষীৰ

Umrah pilgrims

চৌদি আৰৱত শোকাৱহ দুৰ্ঘটনা: মক্কাভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ২০ জন তীৰ্থযাত্ৰী

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

গামোচা …Fakes can be stopped

গামোচা …Fakes can be stopped

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd