NORTHEAST NOW (Assamese)

এন আৰ চি কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা, শুকুৰবাৰৰ পৰা আৰম্ভ নতুন প্ৰক্ৰিয়া

February 14, 2019 11:04 pm · এন ই নাও নিউজ
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

শুকুৰবাৰ (১৫ ফেব্ৰুৱাৰি)ৰ পৰা আৰম্ভ হ’ব অসমত চলিত এন আৰ চিৰ অতি গুৰুত্বপূৰ্ণ দাবী আৰু আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া।

দাবী আৰু আপত্তিসমূহ শুনানিৰদ্বাৰা নিষ্পত্তি কৰা হ’ব, জনাইছে অসমৰ এন আৰ চি কৰ্তৃপক্ষই।

দাবী আৰু আপত্তিৰ শুনানিৰ তাৰিখ, সময় আৰু স্থান সংশ্লিষ্ট ব্যক্তিৰ ঘৰে ঘৰে গৈ জাননীযোগে জনাব এন আৰ চিত নিয়োজিত কৰ্মচাৰীসকলে।

আন এক গুৰুত্বপূৰ্ণ ঘোষণা হ’ল শুনানিত কোনো নাবালক-নাবালিকা উপস্থিত থাকিব নালাগে। “তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকক প্ৰতিনিধিত্ব কৰিব পাৰিব,” জনায় ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

শুনানিলৈ আহোঁতে এন আৰ চিৰ আবেদনৰ লগত জমা দিয়া সকলো নথিৰ মূল কপি আনিবলৈয়ো লোকসকলক অনুৰোধ জনোৱা হৈছে।

আনহাতে অনলাইনযোগে এন আৰ চিত নিজৰ তথ্যত থকা ভুল শুধৰোৱাৰো ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই।

অনলাইনযোগে কিদৰে শুধৰণি কৰিব পাৰি জানিবলৈ তলৰ ভিডিঅ’টো চাওক।

Related News