NORTHEAST NOW (Assamese)

মন্ত্ৰী হিমন্ত বিশ্বৰ সকীয়নিত শংকিত হৈয়ে নাৰ্ছে স্থগিত ৰাখিলে নেকি আন্দোলন?

November 30, 2018 11:16 pm · কল্পজ্যোতি শইকীয়া
Updated: November 30, 2018 11:21 pm
কাৰ্যনিৰ্বাহক সভাৰ পাছত দিয়া সংবাদমেলত সদৌ অসম নাৰ্ছ সন্থাৰ কৰ্মকৰ্তাসকল। ফটো : য়ু বি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদী নাৰ্ছসকলৰ বিৰুদ্ধে দিয়া “ব্যৱস্থা” গ্ৰহণৰ সকীয়নিতে স্থগিত হৈছে নেকি তেওঁলোকৰ আন্দোলন?

নাৰ্ছসকলে আন্দোলন প্ৰত্যাহাৰ নকৰিলে তেওঁলোকৰ ঠাইত নতুন নিযুক্তি দিয়াৰ দৰে চূড়ান্ত ঘোষণা কৰিছিল মন্ত্ৰীজনে। যোৰহাটৰ টীয়কত শুকুৰবাৰে পঞ্চায়ত নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত মন্ত্ৰীজনে এই ঘোষণা কৰিছিল।

‘‘কালিলৈকে আলোচনাৰ ৰাস্তা লৈছিলো। যদিহে আন্দোলন প্ৰত্যাহাৰ নকৰে, তেন্তে কাইলৈৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও ল’ব লাগিব। কাইলৈৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰিম,” এয়া আছিল মন্ত্ৰী শৰ্মাৰ মন্তব্য।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ আন্দোলনটোত ৰাজনীতি থকাৰো দাবী কৰিছিল মন্ত্ৰীজনে। তেওঁ কৈছিল, ‘‘পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আন্দোলন কৰা, বিজেপি বিৰোধী শক্তিবোৰে সেই আন্দোলনক উদগনি যোগোৱা– এই সমগ্ৰ কথাবোৰ গুৰুত্বসহকাৰে লৈছো, ইয়াৰ অনুসন্ধান কৰিম।”

তাৎপৰ্য্যপূৰ্ণভাৱে মন্ত্ৰীজনে এই বক্তব্য আগবঢ়োৱা দিনটোতে আন্দোলনক লৈ উলম্ব বিভাজন ঘটে সদৌ অসম নাৰ্ছ সন্থাৰ।

সংগঠনটোৰ সভানেত্ৰী আৰু সম্পাদিকাই পৰস্পৰবিৰোধী মন্তব্য কৰাৰ লগতে শুকুৰবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পূৰ্বঘোষিত আন্দোলনথলীত নিৰ্ধাৰিত সময়্ত হাজিৰ হোৱা নাছিল কোনো প্ৰতিবাদকাৰী।

সংগঠনটোৱে অৱশ্যে এতিয়াও আন্দোলন শেষ হোৱা বুলি ঘোষণা কৰা নাই আৰু অহা ৪ ডিচেম্বৰত কৰ্তৃপক্ষৰ সৈতে আলোচনালৈহে বাট চোৱাৰ কথাহে কৈছে।

সমগ্ৰ কথা-কাণ্ডৰ পৰিপ্ৰেক্ষিতত সেয়ে  চৰ্চা হৈছে— নাৰ্ছসকলৰ আন্দোলন স্থগিত হোৱাৰ কাৰণ মন্ত্ৰী শৰ্মাৰ “ব্যৱস্থা” গ্ৰহণৰ সকীয়নিয়ে নেকি?

Related News